অসম লাইভ২৪ঃ অৱশেষত স্বাস্তিৰ নিশ্বাস পেলাইছে জেকলিন ফাৰ্নাণ্ডেজে। অভিনেত্ৰীগৰাকীক ২০০ কোটি টকাৰ আত্মসাৎ গোচৰত চৰ্ত সাপেক্ষে অন্তৱৰ্তীকালীন জামিন দিয়া হৈছে।
সোমবাৰে দিল্লীৰ পাটিয়ালা আদালতত হাজিৰ হৈছে জেকলিন। জনসাধাৰণৰ দৃষ্টিৰ পৰা আঁতৰিবৰ বাবে জেকলিনে বগা চাৰ্ট আৰু ক’লা ট্ৰাউজাৰ পিন্ধি আদালতত প্ৰৱেশ কৰিছিল। যাতে জেকলিন অহাৰ কথা কাৰোৰে দৃষ্টিগোচৰ নহয়। ভাইৰেল হোৱা খবৰ অনুযায়ী জেকলিনৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে পূৰ্বেই আবেদন কৰা হৈছিল। অতিৰিক্ত সত্ৰ ন্যায়াধীশ শৈলেণ্ডাৰ মালিকেও এই সন্দৰ্ভত ED-ৰ মত লৈছিল। শেহতীয়াভাৱে জেকলিন ফাৰ্ণাণ্ডেজক ৫০,০০০ টকাৰ বণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে আদালতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ