নিউজিলেণ্ডৰ বিৰুদ্ধে ২৫ বছৰীয়া পুৰণি পোতক লব পাৰিবনে ভাৰতীয় দলে
আজি চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ কুছকাৱাজ। দুয়োটা দলে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে, যাৰ বাবে দুয়োটা দলে এই মেচত নিজৰ নিজৰ শক্তি পৰীক্ষাৰ বাবে খেল পথাৰত যুঁজ দিব লগতে পইণ্ট তালিকাত শীৰ্ষত থকাৰ বাবেও এই যুঁজ।
ইতিমধ্যে টছ সম্পন্ন । টছত নিউডিলেণ্ডে জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। যাৰ বাবে এতিয়া ভাৰতীয় দলে প্ৰথমে বেটিং বিক্ৰম দেখুৱাব।
এই মেচখন অন্যৰ বাবে সাধাৰণ হলেও ভাৰত আৰু নিউজিলেণ্ডৰ বাবে অতিকে বিশেষ। কাৰণ দুয়োটা দলে ২৫ বছৰৰ পাছত চেম্পিয়নছ ট্ৰফীত ইজনে সিজনৰ বিৰুদ্ধে খেলিব। এই খেলত টিম ইণ্ডিয়াই কিউই দলৰ বিৰুদ্ধে ২৫ বছৰীয়া পুৰণি প্ৰতিশোধ ল’ব পাৰিব।
২০০০ চনৰ চেম্পিয়ন ট্ৰফীত অন্তিমবাৰ দুয়ো দলৰ মুখামুখিত নিউজিলেণ্ডে ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰিছিল । সেই খেলখনত নিউজিলেণ্ডে চাৰি উইকেটত জয়লাভ কৰিছিল। সেই পুৰণি পোতক এইবাৰ ভাৰতে লব বুলি আশা কৰিছে ভাৰতীয় দলৰ লগতে ভাৰতীয় অনুৰাগী সকলেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















