‘ৰাহু’ ৰ নাম শুনিলেই বহুতৰে বুকু কঁপি উঠে৷ ৰাহুৰ খং উঠিলেই সকলো সৰ্বনাশ৷ বৈদিক জ্যোতিষ শাস্ত্ৰত সেয়ে ৰাহুক মায়াবী গ্ৰহ বুলি কোৱা হয়৷ যি ভয়ংকৰ হোৱাৰ ওপৰিও ৰহস্যময়ো৷ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অপৰিসীম৷ বিশেষকৈ ভ্ৰমণ, জুৱাৰ আসক্তি, কঠোৰ ভাষণ, ধৰ্মীয় যাত্ৰাত ৰাহুৰ প্ৰভাৱ থাকে বুলি কোৱা হয়৷
জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাহুৰ ৰাশি পৰিবৰ্তনৰ সময়ত এই সমস্ত ক্ষেত্ৰত বিশেষ প্ৰভাৱ দেখা যায়৷ ২০২৫ চনত ৰাহুৱে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ এই গমনত কিছু ৰাশিৰ ভাগ্য খুলি যাব৷ তেওঁলোকৰ বাবে কি কি শুভ সংকেত আহিব ৰাহুলৈ৷ নতুন বছৰত তেওঁলোকে ভাগ্যৰ সহায় থাকিব৷ জীৱনত ইতিবাচক পৰিবৰ্তনো আহিব৷
কুম্ভ ৰাশি
নতুন বছৰত ৰাহু কুম্ভ ৰাশিতেই প্ৰবেশ কৰিব৷ সেয়ে এই গমন কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত লাভজনক হ’ব৷ আত্মবিশ্বাস তুংগত থাকিব৷ ব্যক্তিত্বত আকৰ্ষণৰ ক্ষমতা বৃদ্ধি পাব৷ কাম আৰু চাকৰি জীৱনতো সাফল্য পাব তেওঁলোকে৷ আয়ৰ নতুন পথ খুলি যাব৷ আৰ্থিক দিশৰ পৰাও এই সময় অনুকূল থাকিব৷ প্ৰচুৰ লাভ পাব৷ বিবাহিতসকলে সুখী দাম্পত্য জীৱন কটাব৷ জীৱনসংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ সমস্ত পৰিকল্পনাত সফল হ’ব৷ জীৱনযাত্ৰাত ইতিবাচক পৰিবৰ্তন আহিব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ৰাহুৰ ৰাশি পৰিবৰ্তনে শুভ ফল আনিব৷ কৰ্মজীৱনতো উন্নতি হ’ব৷ ৰাহুৰ প্ৰভাৱত ব্যৱসায় আৰু চাকৰিত উন্নতি হ’ব৷ ব্যৱসায়িক সূত্ৰে ভ্ৰমণ কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷ যিসকলে দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকে চাকৰি লাভ কৰিব৷ ব্যৱসায়ীসকলে বিশাল অংকৰ মুনাফা পাব৷ ইয়াৰ ফলত ব্যৱসায় বাঢ়িব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ৰাহুৰ ৰাশি পৰিবৰ্তনত সৌভাগ্য আহিব৷ নতুন বছৰত এওঁলোকৰ ভাগ্যস্থানত ৰাহু থাকিব৷ ফলত ৰৈ থকা কাম এই সময়ত সম্পন্ন হ’ব পাৰে৷ চিন্তাভাৱনা কৰা ক্ষমতা বাঢ়িব৷ ফলত সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাই৷ ব্যৱসায় আৰু চাকৰিত বিপুল লাভ কৰিব৷ ধৰ্মীয় আৰু শুভ কামত অংশগ্ৰহণৰ সুযোগ পাব৷ যি সমস্ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকে সাফল্য পোৱাৰ বিপুল সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ