কাইলৈ ২২ মাৰ্চ ২০২৫ শনিবাৰে চন্দ্ৰই দিনজুৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ চ’তৰ কৃষ্ণা অষ্টমী তিথি৷ পুৱা ৫ বাজি ২৩ মিনিট পৰ্যন্ত কৃষ্ণা অষ্টমী তিথি থকাৰ পাছতেই নৱমী পৰিব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ ব্যাতিপত যোগ আৰু বৰিয়ান যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে মূল নক্ষত্ৰ আৰু পাছত পূৰ্বাষাঢ়া নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্রভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনি দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ দিনটো আনন্দেৰে ভৰা দিন হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আৰামেৰে বিলাসিতাৰে দিনটো কটাব আপুনি৷ কাইলৈ আপোনাৰ কামৰ পথৰ সকলো বাধা দূৰ হব৷ কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা দেখুৱাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ আইনী গোচৰত যুক্ত থাকিলে সকলো জটিলতাৰ পৰা মুক্তি পাব৷ পৰিয়ালৰ সমৰ্থন পাব৷
সিংহ ৰাশি
কাইলৈ ২২ মাৰ্চত ধন যোগৰ প্ৰভাৱত শুভ দিন কটাব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ কেৰিয়াৰত বহু কামত সহজে সাফল্য লাভ কৰিব আপুনি৷ কাইলৈ নতুন বাহন বা সম্পত্তি কিনাৰ যোগ আছে৷ পিতৃ মাতৃৰ সৈতে সম্পৰ্ক বেছ ভাল হব আপোনাৰ৷ পৰিয়ালৰো কোনো শুভ কাম আৰম্ভ হব পাৰে৷ গ্ৰহৰাজৰ আশীৰ্বাদত কাইলৈ ডাঙৰ লাভ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷
তুলা ৰাশি
কাইলৈ শনিবাৰে ব্যাতিপত যোগৰ শুভ প্রভাৱ থাকিব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ দাম্পত্য জীৱনত সুখ থাকিব৷ পুৱাই কোনো সুখবৰ পাব পাৰে৷ কাইলৈ আত্মবিশ্বাস তুংগত থাকিব তুলা ৰাশিৰ জাতকৰ৷ কোনো জৰুৰী সিদ্ধান্ত লব পাৰে৷ ষ্টক মাৰ্কেটৰ পৰা মোটা টকা লাভ হব পাৰে আপোনাৰ৷ অফিচত পদোন্নতিৰ যোগ আছে৷
বৃশ্চিক ৰাশি
কাইলৈ দিনটো বৰিয়ান যোগৰ প্রভাৱত লাভবান হব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হব পাৰে৷ যিসকল ছিংগল, কাইলৈ তেওঁলোকৰ জীৱনত কোনো প্ৰিয় মানুহৰ আগমন হব পাৰে৷ কাইলৈ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ যাৰ কথা বহু দিন ধৰি চিন্তা কৰিছে হঠাৎ কাইলৈ তেওঁৰ সৈতে দেখা হব পাৰে৷ সম্পত্তি বিষয়ক সুখবৰ পাব পাৰে৷
মীন ৰাশি
পূৰ্বাষাঢ়া নক্ষত্ৰৰ শুভ প্রভাৱত কাইলৈ সহজেই সাফল্য লাভ কৰিব পাৰিব মীন ৰাশিৰ জাতকে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আলাপ হব পাৰে৷ ইয়াৰ ফলত লাভৱান হব আপুনি৷ যিসকলে অনলাইনত ব্যৱসায় কৰিছে তেওঁলোকে কাইলৈ কোনো কামত সাফল্য পাব৷ ৰৈ থকা দৰকাৰী কাম কাইলৈ সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ নিজৰ সকলো কামতেই প্ৰচুৰ প্ৰশংসা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ