কি হৈছে ম্যানমাৰত, ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ২৩ টা আফ্টাৰ শ্বক
জাপানৰ দৰে অৱস্থা হৈ পৰিছে নেকি ম্যানমাৰত। এটাৰ পাছত এটাকৈ আহি আছে ভূমিকম্প। ৭.৫ ৰিখটাৰ স্কেলৰ পাছত ২৩ টা কৈ আফ্টাৰ শ্বকে কঁপাই যায় ম্যানমাৰ। মুঠ ২৪ টা ভূমিকম্প।
আজিৰ দিনটোতো আহে কেইবাটাও আফ্টাৰ শ্বক। আজি ৩০ তাৰিখে মুঠ ৭ টা ভূমিকম্পই কঁপাই যায় ম্যানমাৰ। আজি অহা ভূমিকম্প কেইটাৰ ভিতৰত সৰ্বাধিক ৰিখটাৰ স্কেলৰ ভূমিকম্প আছিল ৪.৬ প্ৰাবল্যৰ।
২৮ মাৰ্চ তাৰিখে অহা ৭.৫ ৰিখটাৰ স্কেলৰ ভয়ংকৰ ভূমিকম্পই তচনচ কৰি পেলাইছিল সমগ্ৰ ম্যানমাৰ।
বহু ঘৰ ভাঙি যোৱাৰ লগতে বৰ্তমনালৈ প্ৰাণ হেৰুৱাইছে ১৬৪৪ গৰাকী লোকে। ইয়াৰ উপৰি আহতৰ সংখ্যা ৩৪০৮ গৰাকী। আনহাতে এতিয়াও সন্ধান নাই ১৩৯ গৰাকী লোকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ