হঠাতে বাহনৰ পৰা নমাই আনি ২৩ লোকক গুলি সন্ত্ৰাসবাদীৰ, ৫ জন আহত
ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত অঘটন। ৰাজপথতে বাহন ৰখাই ২৩ লোকক গুলিয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। দেশখনৰ বেলুচিস্তানত সন্ত্ৰাসবাদীয়ে ২৩ জন লোকক হত্যা কৰে। দক্ষিণ-পশ্চিম পাকিস্তানত সোমবাৰে বন্দুকধাৰীয়ে বলপূৰ্বকভাৱে ২৩ জন লোকক বাহনৰ পৰা আঁতৰাই গুলীয়াই হত্যা কৰে।
এ এফ পিৰ প্ৰতিবেদন অনুসৰি বেলুচিস্তান প্ৰদেশৰ মুছাখেল জিলাত সন্ত্ৰাসবাদীয়ে কেইবাখনো বাছ, ট্ৰাক আৰু ভেন আদি ৰখাই দিয়ে। সন্ত্ৰাসবাদীয়ে নিজৰ জাতি চিনাক্ত কৰি মানুহক গুলীয়াই হত্যা কৰে। এই ঘটনাত ৫জন লোকো আহত হৈছে।
মুছাখেলৰ জ্যেষ্ঠ বিষয়া নাজিবুল্লাহ কাকাৰে কয় যে পঞ্জাৱক বেলুচিস্তানৰ সৈতে সংযোগ কৰা ঘাইপথত সন্ত্ৰাসবাদীয়ে কেইবাখনো বাছ, ট্ৰাক আৰু ভেন ৰখাই দিয়ে। এই সময়ছোৱাত কমেও ২৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন আহত হয়। তেওঁ কয় যে পঞ্জাৱলৈ অহা-যোৱা কৰা বাহনসমূহ পৰীক্ষা কৰি পঞ্জাৱৰ পৰা অহা লোকসকলক চিনাক্ত কৰি গুলীচালনা কৰা হয়।
দেশখনৰ এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি সহকাৰী আয়ুক্ত নাজিব কাকাৰে জনোৱা মতে, মুছাখেলত অস্ত্ৰধাৰী লোকে ঘাইপথ অৱৰোধ কৰি যাত্ৰীসকলক নমাই দি ১০খন বাহনত অগ্নিসংযোগ কৰে।
এই ঘটনাৰ পাছতে বেলুচিস্তানৰ মুখ্যমন্ত্রী ছাৰফৰাজ বুগটিয়ে এক বিবৃতি প্রকাশ কৰিছে৷ এই সন্ত্ৰাসবাদী ঘটনাক তেওঁ তীব্ৰ গৰিহণা দিয়ে। বিবৃতি অনুসৰি তেওঁ সন্ত্ৰাসবাদীৰ কাপুৰুষালিত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সহায়কক ৰেহাই দিয়া নহ’ব বুলিও তেওঁ কয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ