মোবাইল বন্ধ, বাহনৰ তেল শেষ, খাদ্য-পানীৰ অভাৱ, ৪ দিনৰ অন্তত মৰভুমিৰ মাজত উদ্ধাৰ ২ যুৱকৰ নিথৰ দেহ
ছৌদি আৰৱৰ মৰভূমি আটাইতকৈ দুৰ্গম আৰু বিপদজনক বুলি কোৱা হয়, য’ত দূৰ-দূৰণি লৈকে কেৱল বালি আৰু বালি। পানী, গছ-গছনি, মানুহৰ কোনো নাম গোন্ধই নাই। তেনে এক ঠাইতে তেলেংগানাৰ এজন ২৭ বছৰীয়া যুৱক শ্বাহজাদ আৰু তেওঁৰ চুডানৰ নিবাসী বন্ধুৰ সৈতে অকাল মৃত্যুক সাৱটি লয়।
দুয়ো এই মৰুভূমিৰ শূণ্যতাত ইমানেই বেয়াকৈ আৱদ্ধ হৈ পৰে যে দুনাই ওলাই আহিব নোৱাৰে। ছৌদি আৰৱৰ এটা টেলিকম কোম্পানীত ৩ বছৰ ধৰি কাম কৰি থকা কৰিমনগৰৰ বাসিন্দা মহম্মদ শ্বাহজাদ খান বন্ধুৰ সৈতে ৰুব-আল-খালি মৰুভূমিত আৱদ্ধ হৈ পৰে।
এই মৰুভূমি বিশ্বৰ অন্যতম বিপদজনক অঞ্চল বুলি মান্যতা আছে। ৬৫০ কিলোমিটাৰতকৈও অধিক দূৰত্বত বিস্তৃত ৰুব আল খালী দুৰ্গম ভূখণ্ডৰ বাবে পৰিচিত, য’ত জীৱন জীয়াই থকা এক ডাঙৰ প্ৰত্যাহ্বান।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি দুই বন্ধু ভাৰতৰ মহম্মদ শ্বেহজাদ খান (২৭)। শ্বেহজাদে চুডানৰ এজন বন্ধুৰ সৈতে সেই অঞ্চলৰ মাজেৰে পাৰ হৈ গৈ আছিল। কিন্তু পথতে দুয়োৰে জিপিএছ বিকল হোৱাৰ কিছু সময়ৰ পাছতে তেওঁলোকৰ বাইকখনৰো তেল শেষ হৈ যায়।
লগতে মোবাইলৰ বেটাৰীও শেষ হৈ যায়, যাৰ বাবে দুয়ো কাৰো পৰা সহায় বিচাৰিবলৈ সক্ষম নহয়। ফলত দুয়োজনেই মৰুভূমিৰ উত্তপ্ত গৰমত খাদ্য-পানীৰ অভাৱত কোনোমতে প্ৰাণ ৰক্ষাৰ বাবে যুঁজ দিয়ে।
যদিও দুয়োজনে ইমান উচ্চ উষ্ণতাত জীয়াই থাকিবলৈ অশেষ সংগ্ৰাম কৰিছিল, কিন্তু পিয়াহ আৰু ক্লান্তিৰ বাবে শেষত দুয়োজনেই প্ৰাণ হেৰুৱাই। চাৰিদিন অন্তত বৃহস্পতিবাৰে বালিৰ টিলাত তেঁওলোকৰ বাহনৰ কাষতে পৰি থকা অৱস্থাত শ্বাহজাদ আৰু তেওঁৰ বন্ধুৰ নিথৰ মৃতদেহ উদ্ধাৰ হয় ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ