জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰাৰ দৰেই কৰ্ণাটকত এতিয়াও অব্যাহত আছে হিজাব বিতৰ্ক৷ ৰাজ্যখনত যেন হিজাব বিতৰ্কই বন্ধ হোৱাৰ নামেই নলয়!
শেহতীয়াকৈ হিজাব সম্বন্ধীয় অন্য এক কাণ্ডৰ বাবে এখন কলেজে ২৩ গৰাকী ছাত্ৰীক নিলম্বন কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটকৰ এখন চৰকাৰী প্ৰথম শ্ৰেণী মহাবিদ্যালয়ে। মহাবিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে যোৱা সপ্তাহত ছাত্ৰীসকলে শ্ৰেণীৰ ভিতৰত হিজাব পিন্ধাৰ দাবীত প্ৰতিবাদ কৰিছিল। ইয়াৰ বাবেই তেওঁলোকক মহাবিদ্যালয়খনৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
বিজেপি বিধায়ক তথা মহাবিদ্যালয় উন্নয়ন সমিতিৰ সভাপতি সঞ্জীৱ মতান্দুৰে মঙলবাৰে কয় যে ছাত্ৰীসকলে হিজাব পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গতিকে সোমবাৰে তেওঁলোকক নিলম্বন কৰা হয়।
লগতে পঢ়ক কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব
সূত্ৰ অনুসৰি যোৱা সপ্তাহত দক্ষিণ কানাড়া জিলাৰ পুট্টুৰ তালুকৰ মহাবিদ্যালয়খনলৈ সংশ্লিষ্ট ছাত্ৰীসকলে হিজাব পৰিধান আহিছিল। ইয়াৰ পিছতে তেওঁলোকে ক্লাছত হিজাব পিন্ধাৰ অনুমতি বিচাৰি প্ৰতিবাদ কৰিছিল। এই ঘটনাৰ পিছতে যোৱা সোমবাৰে অনুষ্ঠিত এখন বৈঠকত চিডিচিয়ে এই ছাত্ৰীসকলক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে কমিটীয়ে হিজাব পৰিধান কৰি কলেজলৈ অহাৰ ৭ গৰাকী ছাত্ৰীক নিলম্বন কৰা হৈছিল।
লগতে পঢ়ক ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ
স্মৰ্তব্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত হিজাব বিতৰ্কই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়ৰ মজিয়াও পাইছিল৷ ইফালে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত ৰায়দান কৰি কৈছিল যে হিজাব ইছলামৰ বাধ্যতামূলক ধৰ্মীয় পোছাক নহয়।
ইয়াৰ পিছতো একাংশ ছাত্ৰীয়ে শ্ৰেণীকোঠাত হিজাব পিন্ধিবলৈ অনুমতি দিবলৈ জোৰ দি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ