মণিপুৰৰ ননী জিলাৰ টুপুল ৰে’লৱে ষ্টেচনৰ নিৰ্মাণ ক্ষেত্ৰত সংঘটিত ভূমিস্খলনত নিহত লোকৰ সংখ্যা ২৪ গৰাকীলৈ বৃদ্ধি পাইছে৷ মৃত্যু হোৱা লোকৰ মাজত ৰে’ল পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ সৈতে ভাৰতীয় সেনাৰ ১০৭ টা টেৰিটৰিয়েল আৰ্মীৰ কোম্পানী ১৮ গৰাকী কৰ্মচাৰীও আছে৷
আনহাতে ভয়াৱহ ভূমিস্খলনটোৰ ফলত এতিয়াও ৩৮ গৰাকী লোক সন্ধানহীন হৈ আছে৷ বৃহৎ ভূমিস্খলনৰ পিছত ভাৰতীয় সেনা, আছাম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী, এছডিআৰএফ আৰু এনডিআৰএফ-এ যৌথ অভিযান অব্যাহত ৰাখিছে৷ টেৰিটৰিয়েল আৰ্মীৰ জোৱান আৰু সাধাৰণ নাগৰিককে ধৰি ২৪ জন লোকৰ মৃতদেহ এই পৰ্যন্ত উদ্ধাৰ কৰা হৈছে।
ভূমিস্খলনৰ ফলত নদীৰ মথাউৰিটোত ছিঙাৰ সম্ভাৱনাই দেখা দিছে৷ এই আশংকা কৰিয়ে অসামৰিক প্ৰশাসনে নৈৰ তলৰ অঞ্চলত বাস কৰা সাধাৰণ নাগৰিকক সতৰ্কতা অৱলম্বন কৰাৰ লগতে খালী কৰিবলৈ নিৰ্দেশ দিছে।
লগতে পঢ়ক নিয়তিৰ ওচৰত নতি স্বীকাৰ অভিনেতা কিশোৰ দাসৰ, ৰাজ্যবাসীক কন্দুৱাই শেষ নিশ্বাস ত্যাগ
পিটিআই-এ এগৰাকী সামৰিক মুখপাত্ৰৰ উদ্ধৃতিৰে কয় যে ধ্বংসাৱশেষৰ তলত পুতি থোৱা লোকসকলক বিচাৰিবলৈ দেৱালৰ ৰাডাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও, স্নিফাৰ কুকুৰৰ এটা দলো মোতায়েন কৰা হৈছে।
এতিয়ালৈকে ১৩ জন আঞ্চলিক সেনা জোৱান আৰু পাঁচজন অসামৰিক লোকক উদ্ধাৰ কৰা হৈছে। আনহাতে, ১৮ জন আঞ্চলিক সেনা জোৱান আৰু ৬ জন নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও ১২ জন আঞ্চলিক সেনা জোৱান আৰু ২৬ জন সাধাৰণ লোক সন্ধানহীন হৈ আছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে অভিযান পূৰ্ণ গতিত চলি আছে।
ইফালে, সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি মণিপুৰৰ ন’নীত ট্ৰেজেডী স্থানৰ সমীপতে আন এক ভূমিস্খলন সংঘটিত হৈছে। এই ভূমিস্খলনৰ ক্ষয় ক্ষতিৰ বাতৰি এতিয়াও পোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ