দিল্লীৰ পৰা জবলপুৰ অভিমুখী স্পাইচজেটৰ এখনত উৰন্ত বিমানৰ কেবিনত হঠাতে ধোঁৱাই ছানি ধৰাত যাত্ৰীৰ মাজত সামান্য আতংকৰ সৃষ্টি হয়৷
শনিবাৰে পুৱা দিল্লীৰ পৰা জবলপুৰ অভিমুখে ৰাওনা হোৱা স্পাইচজেট কিউ ৪০০ যাত্ৰীবাহী বিমানখনে ৫০০০ ফুট উচ্চতা পোৱাৰ পিছতে কেবিনত ধোৱাৰ আৰ্বিভাৱ ঘটে৷ উৰন্ত বিমানখনত ধোঁৱা দৃশ্যমান হোৱাৰ লগে লগে ক্ৰুৱে সতৰ্কতাৰ সংকতে ধ্বনি দিয়ে৷
কিন্তু উৰন্ত বিমানখনত ক্ৰমান্বয়ে ধোঁৱাৰ পৰিমাণ বৃদ্ধি পোৱাত পাইলটে ট্ৰেফিক কণ্ট্ৰ’লক অৱগত কৰি প্ৰায় ১৪ হাজাৰ ফুট উচ্চতাৰ পৰা বিমানখন পুনৰ দিল্লীলৈ উভতাই আনি বিমান বন্দৰত জৰুৰী অৱতৰণ কৰায়৷
লগতে পঢ়ক চুলি পকি বগা হৈছে নেকি? পৰিত্ৰাণ পাবলৈ ভেণ্ডিৰ গুটিৰ তেল ব্যৱহাৰ কৰক
দিল্লীত জৰুৰীভাৱে বিমানখন অৱতৰণ কৰাৰ পিছতে যাত্ৰীসকলক নিৰাপদে নমাই অনা হয়৷ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি ধোঁৱা উৎপত্তিৰ ফলত বিমানখনৰো কোনো ক্ষতি হোৱা নাই, এয়া এক কাৰিকৰী সমস্যা আৰু ইয়াৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷
প্ৰাথমিক তদন্তৰ অন্তত প্ৰকাশ পোৱা মতে বাওঁফালৰ ইঞ্জিনত সামান্য তেল লিক হোৱাৰ ফলতে ধোঁৱা উলাইছিল৷
#WATCH | A SpiceJet aircraft operating from Delhi to Jabalpur returned safely to the Delhi airport today morning after the crew noticed smoke in the cabin while passing 5000ft; passengers safely disembarked: SpiceJet Spokesperson pic.twitter.com/R1LwAVO4Mk
— ANI (@ANI) July 2, 2022
সংবাদ সংস্থা এএনআইএ স্পাইচজেটৰ এগৰাকী মুখপাত্ৰৰ উদ্ধৃতিৰে কয় যে, ‘‘৫০০০ ফুট পাৰ হৈ যোৱাৰ সময়ত ক্ৰুৱে কেবিনত ধোঁৱা ওলোৱা লক্ষ্য কৰাৰ পিছত আজি পুৱা দিল্লীৰ পৰা জবলপুৰলৈ অভিমুখে যাত্ৰা কৰা এখন স্পাইচজেট বিমান নিৰাপদে দিল্লী বিমানবন্দৰলৈ উভতাই নি জৰুৰী অৱতৰণ কৰাই যাত্ৰীসকলক নিৰাপদে নমোৱা হয়।’’
লগতে পঢ়ক গৰমত কুহিয়াৰ ৰসৰ উপকাৰিতা কি?
সংবাদ সংস্থাটোৱে টুইট কৰা এটা ভিজুৱেলত ধোঁৱাৰে ভৰা কেবিনটো দেখা গৈছে। দিল্লীলৈ উভতি অহাৰ পিছত বিমানখনৰ পৰা ওলাই অহা যাত্ৰীসকলো ভিডিঅ’টোত দেখা গৈছে।
উল্লেখ্য যে ১৫ টা দিনৰ ভিতৰত স্পাইচজেটৰ বিমানৰ এয়া দ্বিতীয়টো জৰুৰীকালীন অৱতৰণ। যোৱা ১৯ জুনত ১৮৫ জন যাত্ৰীসহ দিল্লী অভিমুখী এখন বিমানে উৰণৰ ঠিক পিছতেই বাওঁ ইঞ্জিনত চৰাইয়ে খুন্দিওৱাৰ ফলত অগ্নিৰ সূত্ৰপাত ঘটাত পাটনাত জৰুৰীকালীন অৱতৰণ কৰা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ