আগন্তুক ২৮ আগষ্ট ২০২৪ বুধবাৰে চন্দ্ৰই বুধৰ ৰাশি মিথুনত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ কৃষ্ণপক্ষৰ দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব কেইবাটাও শুভ যোগ৷ যি শুভ যোগসমূহ থাকিব সেই শুভ যুগসমূহ হৈছে মহালক্ষ্মী যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে সিংহ ৰাশিত৷ ইয়াৰোপৰি কাইলৈ থাকিব মৃগশিৰা নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ২৮ আগষ্ট শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত প্ৰচুৰ আনন্দ থাকিব৷ নিজৰ বুদ্ধিৰে কাইলৈ আপুনি সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ কাইলৈ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ ব্যৱসায়ীসকলে কাইলৈ ভাল লাভ কৰাৰ আশা আছে৷ সমাজত জনপ্ৰিয়তা বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম বৰ্তি থাকিব৷
কন্যা ৰাশি
মা লক্ষ্মীৰ আশীৰ্বাদত কন্যা ৰাশিৰ জাতকে কাইলৈ পুৱাই কোনো ভাল খবৰ পাব পাৰে৷ কাইলৈ আপুনি বন্ধুৰ সৈতে শুভ সময় কটাব৷ পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমানে বাঢ়িব৷ কাইলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে কন্যা ৰাশিৰ জাতকে৷ ইয়াৰ ফলত নিজৰ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ সুযোগ থাকিব আপোনাৰ সন্মুখত৷
ধনু ৰাশি
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ পৰিয়ালৰ লোকৰ সৈতে বেছ শুভ দিন কটাব আপুনি৷ ৰাতি কোনো ৰেস্তোৰাত খাদ্য খাবলৈ যাব পাৰে৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱন উন্নত হ’ব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনৰ বাবে মঙলময় হ’ব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ পৰিচয় হ’ব পাৰে৷ আৰ্থিকভাৱে কাইলৈ লাভৱান হ’ব পাৰে ধনু ৰাশিৰ জাতক৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ কাইলৈ মহালক্ষ্মী যোগৰ শুভ প্ৰভাৱত কোনো আইনী জটিলতাৰ পৰা মুক্তি পাব৷ শত্ৰুসকলে কাইলৈ আপোনাৰ হাতত পৰাস্ত হ’ব৷ অৰ্থ সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত কাইলৈ ল’ব পাৰিব৷ কাইলৈ সকলো সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব কুম্ভ ৰাশিৰ জাতকে৷ ব্যৱসায়ত কাইলৈ বৃহৎ সাফল্য পাব আপুনি৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷
মীন ৰাশি
কাইলৈ ২৮ আগষ্ট লাভজনক দিন হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্যও কাইলৈ উল্লেখযোগ্য উন্নতি কৰিব৷ বুধবাৰে সন্ধিয়াবেলা ঘৰত শিশুসকলৰ সৈতে ভাল সময় কটাব৷ সাফল্য লাভ কৰিব পাৰিব আপুনি৷ সংগীৰ সৈতে কাইলৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব৷ সংগীৰ সৈতে কাইলৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব৷ দুজনে একেলগে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ