কাইলৈ ২৮ জানুৱাৰী ২০২৫ মঙ্গলবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘৰ কৃষ্ণা চতুৰ্দশী তিথি৷ কাইলৈ সন্ধিয়া ৭ বাজি ৩৫ মিনিট পৰ্যন্ত চতুৰ্দশী তিথি থাকিব৷ তাৰপাছতেই মাঘ কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বজ্ৰ যোগ আৰু সিদ্ধি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে থাকিব পূৰ্ব আষাঢ় আৰু পাছত উত্তৰ আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ২৮ জানুৱাৰী লাভজনক দিন হ’ব মিথুন ৰাশিৰ জাতকৰ৷ কাইলৈ নিজৰ খৰচ কমাই কিছু ধন সংগ্ৰহ কৰিব পাৰিব৷ ত্ৰিবেণী যোগৰ শুভ প্ৰভাৱত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পাব৷ কাইলৈ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তিয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে আপুনি৷ নিজৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন দেখা পাব৷
তুলা ৰাশি
কাইলৈ বৃদ্ধি যোগৰ শুভ প্ৰভাৱ থাকিব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় কামত কাইলৈ আপোনাৰ উৎসাহ বাঢ়িব৷ কাইলৈ আপুনি লোৱা সিদ্ধান্ত লাভজনক হ’ব৷ কাইলৈ বেছ কিছু অতিৰিক্ত উপাৰ্জন কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ তুলা ৰাশিৰ জাতকৰ জীৱনসংগীৰ সৈতে কোনো ভুল বুজাবুজি থাকিলে দূৰ হ’ব৷
বৃশ্চিক ৰাশি
কাইলৈ ২৮ জানুৱাৰী মঙলবাৰৰ দিনটো বৃশ্চিক ৰাশিৰ জাতকৰ বাবে লাভজনক হ’ব৷ আপোনাৰ মনৰ কোনো দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব৷ নিজৰ ৰৈ থকা কাম কাইলৈ সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ পূৰ্বে কৰা কোনো বিনিয়োগৰ কৰা কাইলৈ ভাল আৰ্থিক লাভ পাব পাৰে৷ ইয়াৰ ফলত বৃশ্চিক ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থা উন্নীত হ’ব৷
মকৰ ৰাশি
কাইলৈ বজ্ৰ যোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সৈতে সকলো প্ৰয়োজন দূৰ কৰিবলৈ সক্ষম হ’ব মকৰ ৰাশিৰ জাতকে৷ পূৰ্বে বিনিয়োগ কৰা থাকিলে তাৰ পৰা ভাল আৰ্থিক লাভ পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷ যি সমস্যাই আপোনাক ইমান দিন ধৰি খেদি আছিল সেই সমস্যাৰ পৰা সমাধান পাব৷ কাইলৈ কোনো অতিৰিক্ত দায়িত্ব পাব পাৰে৷
কুম্ভ ৰাশি
কাইলৈ ২৮ জানুৱাৰী ২০২৪ত ত্ৰিবেণী যোগৰ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপুনি আনন্দেৰে কটাব৷ হঠাৎ বেছ কিছু টকা পইছা হাতলৈ আহিব পাৰে৷ সমাজসেৱামূলক কাম কৰাৰ ফলত সমাজত সন্মান বৃদ্ধি পাব কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি যি কামতেই হাত দিয়ে তাতেই সফলতা পাব৷ আৰ্থিক পৰিস্থিতি বহু পৰিমাণে উন্নত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ