২৫ এপ্ৰিলৰ পৰা অস্ত দশাত থকাৰ পাছত এই মাহত উদিত হৈছে শুক্ৰ৷ ২৯ জুনত মিথুন ৰাশিত শুক্ৰ উদয় হ’ব৷ জ্যোতিষ অনুসৰি সুখ, সৌভাগ্য আৰু বিলাসিতাৰ কাৰক গ্ৰহ শুক্ৰ উদিত হৈ নিজৰ শক্তি বৃদ্ধি কৰিব৷ যাৰ ফলত নিজৰ অধিকাৰক্ষেত্ৰতত কাৰ্যকৰী ফল প্ৰদান কৰিব এই গ্ৰহই৷ দৈত্যগুৰু উদয় হোৱাত কিছু ৰাশিৰ জাতকৰ ওপৰত ইয়াৰ সৰ্বাধিক শুভ প্ৰভাৱ পৰিব৷ কোন কোন ৰাশিৰ জাতক এই সময়ত লাভৱান হ’ব? কাৰ কাৰ আয় বাঢ়িব জানি থওক সবিশেষ৷
বৃষ ৰাশি
জ্যোতিষ গণনা অনুসৰি বৃষ ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ উদয় অৱস্থা অনুকূল প্ৰমাণিত হ’ব৷ শুক্ৰই আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত উদিত হ’ব৷ সেয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰালত আকস্মিক ধনলাভ কৰিব এই ৰাশিৰ জাতকে৷ চৰকাৰী কামৰ সৈতে যুক্ত জাতকে সুসংবাদ পাব৷ পৈতৃক সম্পত্তি লাভৰ যোগ আছে৷ এই সময়ত ব্যৱসায়চ উন্নতিৰ সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ পদোন্নতি আৰু উন্নতি হ’ব পাৰে৷ বাণীৰ প্ৰভাৱ বাঢ়িব, যাৰ ফলত সকলো আপোনাৰ প্ৰতি ইমপ্ৰেছ হ’ব৷ পৰিকল্পনাত সফল হ’ব৷
মিথুন ৰাশি
শুক্ৰৰ উদয় দশাই মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ এই ৰাশিৰ লগ্নস্থানত শুক্ৰ উদিত হ’ব৷ এই সময়ত মিথুন ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ব৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে ভাল পৰিমানৰ অৰ্থ লাভ কৰিব পাৰিব৷ আয়ৰ নতুন উৎস পাব এই ৰাশিৰ জাতকে৷ অৰ্থ সঞ্চয়ত সফল হ’ব৷ পৰিকল্পিত প্ৰকল্প সফল হ’ব৷ ইয়াৰোপৰি এই ৰাশিৰ জাতকৰ জনপ্ৰিয়তা বৃদ্ধি পাব৷ মান-সন্মান আৰু প্ৰতিষ্ঠা বাঢ়িব৷ পাবলগীয়া টকা উভতাই পাব৷ এই সময়ত বিবাহিত জাতকৰ দাম্পত্য জীৱন অসাধাৰণ হ’ব৷
কন্যা ৰাশি
শুক্ৰৰ উদয় দশা কন্যা ৰাশিৰ জাতকৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়৷ আপোনাৰ ৰাশিৰ কৰ্মস্থানত উদিত হ’ব শুক্ৰ৷ কাম আৰু ব্যৱসায়ত উন্নতিৰ পথ প্ৰশস্ত কৰিব৷ চিন্তাভাৱনাৰ শক্তি প্ৰৱল হ’ব৷ এই সময়ত লোৱা যিকোনো সিদ্ধান্ত লাভজনক হ’ব৷ পুৰণি লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ বেকাৰ যুৱকে নতুন চাকৰি পাব পাৰে৷ ব্যৱয়াসীসকলে ধন লাভ কৰিব৷ ব্যৱসায় সম্প্ৰসাৰণ সম্ভৱ৷
তুলা ৰাশি
শুক্ৰৰ গোচৰ তুলা ৰাশিৰ জাতকৰ বাবে অনুকূল৷ আপোনাৰ গোচৰ কোষ্ঠীৰ নৱন স্থানত শুক্ৰ উদিত হ’ব৷ শুক্ৰ আপোনাৰ ৰাশিৰ অধিপতি৷ উদয় হৈ তুলাৰ জাতকৰ ভাগ্য চমকিব৷ পৈতৃক সম্পত্তিৰ মধ্যমেৰে ধনলাভ কৰিব পাৰিব৷ পাৰিবাৰিক জীৱনৰ বাবে এই সময় শুভ৷ দেশ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ প্ৰতিযোগীতামূলক পৰীক্ষাত সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷
মীন ৰাশি
জ্যোতিষ গণনা অনুসৰি শুক্ৰৰ উদয়দশা মীন ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী৷ আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত উদিত হৈ শুক্ৰই সুখ বৃদ্ধি কৰিব৷ নতুন বাহন, সম্পত্তি ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতকে৷ এই সময়ত কোনো নতুন কামৰ সূচনা হ’ব পাৰে৷ ইয়াৰ দ্বাৰা ভাল ফল পাব৷ এই ৰাশিৰ জাতকে ৰিয়েল এষ্টেট, মাটি, সম্পত্তি সংক্ৰান্তীয় কামত সফলতা অৰ্জন কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ