অসম লাইভ২৪ঃ ২৯ মাৰ্চ ২০২৪ শুকুৰবাৰে চন্দ্ৰই তুলা ৰাশি ত্যাগ কৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। কাইলৈ অৰ্থাৎ শুকুৰবাৰে থাকিব সিদ্ধি যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ। ইয়াৰোপৰি কাইলৈ দিনজুৰি থাকিব বিশাখা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ দিনটোৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি শুক্ৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন। এই দিনটোত অৰ্থ আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণেই কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ। শুকুৰবাৰে জ্যোতিষ গণনামতে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাঁচটা ৰাশিৰ জাতকে।
মিথুন ৰাশি
কাইলৈ দিনটো বেছ লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে। কাইলৈ আপুনি বিনিয়োগৰ পৰা মোটা ধন লাভ কৰিব পাৰিব। কাইলৈ আপুনি বিনিয়োগৰ পৰা মোটা অংকৰ ধন লাভ কৰিব পাৰিব। কাইলৈ নিজা কোনো লক্ষ্য অৰ্জন কৰিব পাৰিব আপুনি। ভাগ্যৰ সহায়ত কাইলৈ মোটা অংকৰ ধন হাতলৈ আহিব মিথুন ৰাশিৰ জাতকৰ। কাইলৈ নিজৰ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক উন্নত হ’ব মিথুন ৰাশিৰ জাতকৰ। পৰিয়ালৰ সৈতে মিলি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে মিথুন ৰাশিৰ জাতকে।
কৰ্কট ৰাশি
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্রভাৱত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক। কাইলৈ নিজৰ কেৰিয়াৰ আৰু ৱ্যৱসায়ত সাফল্য লাভ কৰাৰ যোগ আছে আপোনাৰ। কাইলৈ বহুতেই আপোনাৰ প্ৰতি আকৃষ্ট হ’ব। বহুতেই আপোনাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াৰ চেষ্টা কৰিব। কাইলৈ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। জীৱনসংগীৰ পৰা পৰামৰ্শ লৈ লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক।
তুলা ৰাশি
২৯ মাৰ্চ শুকুৰবাৰৰ দিনটো ভাল হ’ব তুলা ৰাশিৰ জাতকৰ। লক্ষ্মীৰ আশীৰ্বাদত কাইলৈ আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব। উপাৰ্জনৰ নতুন পথ পাব আপুনি। কোনোৱে যদি আপোনাৰ পৰা ধন ধাৰ সৈতে তেন্তে সেই ধন কাইলৈ ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাইলৈ কোনো দৰিদ্ৰ মানুহক সহায় কৰিলে লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব।
ধনু ৰাশি
সিদ্ধি যোগৰ শুভ প্ৰভাৱত কাইলৈ উপকৃত হ’ব ধনু ৰাশিৰ জাতক। কাইলৈ ভাগ্য সহায়ত অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব ধনু ৰাশিৰ জাতকে। কৰ্মক্ষেত্ৰত কাইলৈ আপুনি নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে। কাৰোবাৰ পৰা ধন ধাৰলৈ ল’লে সেই ধন ঘূৰাই দিলে আপোনাৰ বাবেই মংগল। শুকুৰবাৰে উপাৰ্জন বৃদ্ধিৰো সম্ভাৱনা আছে আপোনাৰ।
কুম্ভ ৰাশি
বিশাখা নক্ষত্ৰৰ প্রভাৱত কোনো বৃহৎ সাফল্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। কাইলৈ অতিৰিক্ত আয়ো কৰিব পাৰে আপুনি। পুৰণা কোনো অসুখ থাকিলে কাইলৈ মুক্তি লাভ কৰিব। উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভ কৰিব পাৰে কুম্ভ ৰাশিৰ জাতকে। আপোনাৰ বিদেশ যাত্ৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বিবাহৰ পথত থকা বাধাও কাইলৈ দূৰ হ’ব আপোনাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ