২৪ ঘণ্টা পূৰ নহওঁতেই অসম-মেঘালয় সীমান্তত দ্বিতীয়টো ভূমিকম্প
ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি। বিশেষকৈ নামনি অসমত এই ভূমিকম্প অধিক অনুভুত হয়।
আজি ২০ ফেব্ৰুৱাৰী তাৰিখে দিনৰ ১১.৩২ বজাত অনুভুত হয় ভূমিকম্পৰ জোকাৰণি। ৪.১প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্য।
১১.৩২বজাত অনুভূত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল অসম-মেঘালয়ৰ সীমান্ত অঞ্চলৰ উত্তৰ গাৰো পাহাৰ। সমতলৰ পৰা ৫ কিলোমিটাৰ গভীৰতা আছিল ইয়াৰ অভিকেন্দ্ৰ।
পাছে চাঞ্চল্যৰ কথাটো হল যে, ২৪ ঘণ্টা পূৰ নহওঁতেই একে অসম-মেঘালয় সীমান্তত এই দ্বিতীয়টো ভূমিকম্প আহে। কালি ১৯ ফেব্ৰুৱাৰী বুধবাৰে নিশা ১১ বাজি ৪৩ মিনিটত অনুভূত হৈছিল জোকাৰণি। ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.১ ৰিখটাৰ স্কেল।
মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল কালি। কালি নিশাৰ পাছত আজি দিনৰ ভাগত পুনৰ কপি উঠে অসম-মেঘালয় সীমান্ত অঞ্চল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















