কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে চলিত মাহত তিনিটা ডাঙৰ ঘোষণা কৰিব পাৰে। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ মতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই মাহত তিনিটা বৃহৎ খবৰ লাভ কৰিব পাৰে৷
ইয়াৰে এটা হৈছে ডিয়াৰনেছ এলাৱেন্স (ডিএ) বৃদ্ধি, দ্বিতীয়টো ১৮ মাহৰ ডি এৰ বকেয়া ধন মুকলি আৰু তৃতীয়টো প্ৰভিডেণ্ট ফাণ্ড(পিএফ)ৰ বৰ্ধিত সুত।
জুলাই মাহত ডিএ বৃদ্ধি ঘোষণা
যদিহে শেহতীয়া সংবাদ মাধ্যমৰ বাতৰিসমূহ বিশ্বাস কৰা হয় তেন্তে জুলাই মাহত ডিয়াৰনেছ এলাৱেন্স বৃদ্ধি হ’ব পাৰে। ইয়াৰ বৃদ্ধি ৬ শতাংশলৈ হ’ব বুলিও একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ অৰ্থাৎ ডিএ বৃদ্ধি হৈ ৪০ শতাংশ পৰ্যন্ত হ’ব পাৰে বুলি কোৱা হৈছে। কিন্তু, একাংশৰ মতে ৪ৰপৰা ৫ শতাংশ হে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে পৰিমাণটো যিমানেই নহওক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰে ৩১ জুলাইত ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে।
লগতে পঢ়ক জুলাইত চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি ডিএ পাব! কিমান শতাংশ বৃদ্ধি পাব এই ভাট্টা?
১৮ মাহৰ ডি এৰ বকেয়া ধন মুকলি
১৮ মাহৰ ডিয়াৰনেছ ভাট্টা (ডি এ) বকেয়া ধনো চলিত মাহতে মুকলি কৰাৰ কথা চৰকাৰে ঘোষণা কৰিব পাৰে৷ প্ৰতিবেদন অনুসৰি ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ জুন মাহলৈকে ১৮ মাহৰ ডি এ বকেয়া প্ৰদান কৰা সম্পৰ্কীয় বিষয়টো হয়তো অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব। উল্লেখ্য যে কোভিড মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ১৮ মাহৰ ডিএ চৰকাৰে বন্ধ কৰি ৰাখিছিল৷
প্ৰভিডেণ্ট ফাণ্ড সুত
কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টী, ইপিএফে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে সদস্যসকলৰ একাউণ্টত ইপিএফৰ সঞ্চয়ৰ ওপৰত ৮.১০% বাৰ্ষিক সুতৰ হাৰ জমা কৰাৰ পৰামৰ্শ দিছিল। সুতৰ হাৰ চৰকাৰী গেজেটত আনুষ্ঠানিকভাৱে অধিসূচনা কৰা হৈছিল যাৰ পিছত ইপিএফঅ’ই অতি সোনকালে সুতৰ হাৰ নিজৰ গ্ৰাহকৰ একাউণ্টত জমা কৰিবলৈ আৰম্ভ কৰিব। এই ঘোষণাও চৰকাৰে চলিত মাহতে কৰিব বুলি প্ৰতিবেদনসমূহত কোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















