৩ নৱেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই সমগ্ৰ দিন বৃশ্চিক ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি কাতি মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথি৷ আজি নিশা ১০ বাজি ৫ মিনিট পৰ্যন্ত দ্বিতীয়া থাকিব৷ সমগ্ৰ দেশত আজি পালিত হ’ব ভাইফোটাও৷ এই সময়ত সূৰ্যই তুলা ৰাশিত অৱস্থান কৰিছে জ্যোতিষ গণনা অনুসৰি আজি সৌভাগ্য যোগ আৰু শোভন যোগৰ প্ৰভাৱ থাকিব৷ আজি দিনজুৰি থাকিব অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্ম অনুসৰি দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
আজি ৩ নৱেম্বৰ অত্যন্ত শুভ দিন মিথুন ৰাশিৰ জাতকৰ৷ আজি দিনজুৰি পৰিস্থিতি অনুকূল থাকিব৷ বন্ধু আৰু আত্মীয়ৰ সৈতে আজি ফুৰিবলৈ যাব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্কৰ ভুল বুজাবুজি আজি দূৰ হ’ব৷ সকলো কামতে পৰিয়ালৰ লোকৰ সাহায্য পাব৷ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক৷ মিথুন ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি আজি উন্নত হ’ব৷
কৰ্কট ৰাশি
শোভন যোগৰ শুভ প্ৰভাৱত কেৰিয়াৰত বিশেষ উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ আজি সকলো কামতে ভাগ্যক নিজৰ কাষত পাব৷ চাকৰি পৰিবৰ্তন কৰিব বিচাৰিলে আজিৰ দিনটো শুভ৷ পৰিয়ালত আজি দিনজুৰি সুখ শান্তিৰ পৰিবেশ থাকিব৷ ভায়েক ভনীয়েকৰ সহায় লাভ কৰিব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷
কন্যা ৰাশি
দেওবাৰে সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ আজি নিজৰ পুৰণি সকলো অসম্পূৰ্ণ কাম আপুনি সফলতাৰে সম্পন্ন কৰিব পাৰিব৷ পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব পাৰিব৷ ব্যক্তিগত জীৱনত সুখ শান্তিৰ পৰিবেশ থাকিব৷ জীৱনসংগীৰ সৈতে বুজাপৰা আৰু ভালপোৱা থাকিব৷ কৰ্মক্ষেত্ৰত সকলো কামতেই সাফল্য লাভ কৰিব৷
ধনু ৰাশি
আজি সৌভাগ্য যোগৰ শুভ প্ৰভাৱত কাৰ্যকৰী আৰু লাভজনক দিন কটাব ধনু ৰাশিৰ জাতকে৷ ব্যৱসায়ত মোটা অংকত লাভ পাব৷ আজি সকলো বিষয়ত পৰিয়ালৰ সদস্যক কাষত পাব৷ কৰ্মক্ষেত্ৰত ধনু ৰাশিৰ জাতকে সকলোৰে প্ৰশংসা আদায় কৰিব৷ সংগীৰ পৰামৰ্শত আপুনি লাভ কৰিব পাৰিব৷ নতুন চাকৰিৰ ভাল প্ৰস্তাৱ আহিব পাৰে৷
কুম্ভ ৰাশি
অনুৰাধা নক্ষত্ৰৰ শুভ প্ৰভাৱত শ্ৰী বিষ্ণুৰ আশীৰ্বাদত আজি ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ কোনো সুখবৰ আপুনি লাভ কৰিব৷ আজি আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ পুৰণি কোনো অসুখ থাকিলে এইবাৰ তাৰপৰা মুক্তি পাব৷ অপ্ৰত্যাশিতভাৱে হাতলৈ ধন আহিব৷ ঘৰত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ