খাদ্য-পানী নোহোৱাকৈ ৩০ ঘণ্টা ধৰি বিমান-বন্দৰত আৱদ্ধ ২৬৫ ভাৰতীয় যাত্ৰী, কাৰণ কি?
লণ্ডনৰ পৰা মুম্বাই অভিমুখী ভাৰ্জিন আটলাণ্টিক বিমানৰ ২৬৫ গৰাকী যাত্ৰী তুৰস্কৰ দিয়াৰবাকিৰ বিমানবন্দৰত ৩০ ঘণ্টাৰো অধিক সময় আবদ্ধ হৈ আছে। বৰ্তমানে খাদ্য-পানীৰ অভাৱত পৰিছে এই সকল যাত্ৰী। যাৰ বাবে যাত্ৰীসকলে অহৰহ সহায়ৰ বাবে কাতৰ অনুৰোধ কৰি আছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কাৰিকৰী সমস্যাৰ বাবে হঠাতে বিমানখন অৱতৰণ কৰিব লগা হয়। পাছত বিমানখনক উৰণৰ বাবে অযোগ্য ঘোষণা কৰা হয়। পিছত বিমানখনৰ ক্ৰু সকলক এখন হোটেললৈ লৈ যোৱাৰ বিপৰীতে যাত্ৰীসকলক সৰু আঞ্চলিক বিমানবন্দৰ এটাৰ ভিতৰত ৰখা হয়, য’ত পৰ্যাপ্ত সুবিধা নাই।
ভাৰতীয় দূতাবাসৰ সহায়ত একাংশ যাত্ৰীক নিকট হোটেললৈ লৈ যোৱা হৈছে। বিমান সংস্থাটোৱে জনোৱা মতে, স্থানীয় সময় অনুসৰি পুৱা ৯ বজাৰ ভিতৰত এখন বেকআপ বিমান সাজু হ’ব। অৱশ্যে একাংশ যাত্ৰী এতিয়াও বিমানবন্দৰৰ ট্ৰেনজিট হোল্ডিং এৰিয়াত আৱদ্ধ হৈ আছে।
ইফালে আৱদ্ধ যাত্ৰীসকলে বিমান সংস্থাটোৱে মৌলিক সা-সুবিধাৰ ব্যৱস্থা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। যাত্ৰীসকলে অভিযোগ কৰে যে ভাৰ্জিন এয়াৰলাইন্সে যাত্ৰীসকলৰ বাবে কোনো ব্যৱস্থা কৰা নাছিল আৰু তেওঁলোকে কেতিয়া মুম্বাইলৈ যাব পাৰিব সেই সম্পৰ্কে কোনো তথ্যও দিয়া নাছিল।
বিমানখনত আবদ্ধ হৈ থকা যাত্ৰীসকলৰ একাংশই এক্স হেণ্ডেলযোগে পোষ্ট কৰি লিখে যে, ঘটনাস্থলীত অপৰ্যাপ্ত খাদ্য, শৌচাগাৰ আৰু ইলেক্ট্ৰনিক ডিভাইচৰ চাৰ্জিং পইণ্টকে ধৰি বহু মৌলিক সুবিধাৰ সন্মুখিন হৈছে। আন এজনে লিখে অৱতৰণৰ পাছতে বিমান খনৰ ক্ৰু সকলে সহায় কৰাৰ সলনি হঠাতে নোহোৱা হৈ পৰে।
আনহাতে তুৰস্কত থকা ভাৰতীয় দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘আংকাৰাত থকা ভাৰতীয় দূতাবাসে ভাৰ্জিন আটলাণ্টিক এয়াৰলাইন্স, দিয়াৰবাকিৰ বিমানবন্দৰ সঞ্চালকালয় আৰু তুৰস্কৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে অহৰহ যোগাযোগত আছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা অব্যাহত আছে, অতি সোনকালে সমস্যাটো সমাধান কৰি যাত্ৰীসকলক মুম্বাইলৈ বিকল্প বিমানেৰে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ আলোচনা চলি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ