মাত্ৰ দুমাহ পূৰ্বে বিবাহবন্ধনত আৱদ্ধ হৈছিল দম্পতি৷ ফেব্ৰুৱাৰীতেই বিবাহবন্ধনত আৱদ্ধ হৈছিল কানপুৰৰ ব্যৱসায়ী শুভম দ্বিবেদী৷ বিবাহৰ বয়সৰ হিচাপত সদ্যবিবাহিত বুলিয়েই ক’ব পাৰি৷ এতিয়াও গাৰ পৰা মাহ হালধিৰ গোন্ধ যোৱাই নাছিল৷ বিদেশলৈ যোৱাৰ সলনি নৱদম্পতিয়ে মধুচন্দ্ৰিমাৰ বাবে বাছি লৈছি ভূস্বৰ্গক৷ ১২ ফেব্ৰুৱাৰীত বিয়া কৰোৱা শুভমে পত্নীক লৈ ভূস্বৰ্গলৈ গৈছিল কিছুদিন পূৰ্বে৷ মঙলবাৰে পহেলগামত ভাৰতৰ মিনি ছুইজাৰলেণ্ড বৈছৰণ ফুৰিবলৈ গৈছিল শুভম আৰু তেওঁৰ পত্নী ঐশ্বন্যা৷ ঐশ্বন্যাই সপোনতো ভাৱিব পৰা নাছিল হানিমুনত এনেদৰে হেৰুৱাই দিব স্বামীক৷ মঙলবাৰে দুপৰীয়া অনন্তনাগ জিলাৰ পহেলগামত জংগী আক্ৰমণত প্ৰাণ হেৰুৱাই ব্যৱসায়ী শুভমে৷ মধুচন্দ্ৰিমাত গৈ বিধৱা হয় ঐশ্বন্যা৷
হঠাৎ হোৱা এই আক্ৰমণত ২৬গৰাকীকৈ লোকে হেৰুৱাইছে প্ৰাণ৷ মৃতদেহৰ মাজত বেছিভাগেই পৰ্যটক৷ আক্ৰমণত কোনোৱে যদি স্বামীক হেৰুৱাইছে কোনোৱে আকৌ পুত্ৰক৷ মাত্ৰ কেই মিনিটৰ ভিতৰতেই শেষ হৈছিল সকলো৷ নেপথ্যত আছিল ৬জন সন্ত্ৰাসবাদী৷
স্থানীয় সূত্ৰৰ খবৰ অনুসৰি সন্ত্ৰাসবাদীয়ে আৰক্ষীৰ পোছাক পিন্ধি আছিল৷ কোনো কোনোৱে সেনাৰ পোছাকো পিন্ধি আছিল৷ সকলোৰে হাতে হাতে আছিল একে-৪৭৷ হঠাৎ আকাশ বতাহ কঁপাই এটাৰ পাছত এটা গুলি ফুটিছিল৷ ইয়াৰ সৈতে শুনা গৈছিল চিৎকাৰ৷ পৰ্যটকৰ ওচৰলৈ আহি এটাৰ পাছত গুলি কৰি হত্যা কৰে সন্ত্ৰাসবাদীয়ে৷ এই আক্ৰমণতেই প্ৰাণ হেৰুৱাই শুভমে৷
সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ১৭ এপ্ৰিলত পত্নী আৰু পৰিয়ালৰ অইন সদস্য কেইগৰাকীমানক লৈ কাশ্মীৰলৈ গৈছিল শুভম৷ মঙলবাৰে বৈছৰণ উপত্যকাৰ পত্নীৰ চকুৰ সন্মুখতে সন্ত্ৰাসবাদীৰ গুলিত নিহয় হৈছে শুভম৷ এই ঘটনা চকুৰ সন্মুখতে দেখি অজ্ঞান হৈ পৰে পত্নী ঐশ্বন্যা৷ জ্ঞান ঘূৰি অহাৰ পাছত শহুৰেকৰ ঘৰলৈ ফোন কৰি স্বামীৰ মৃত্যুৰ খবৰ দিয়ে ঐশ্বন্যাই৷ শুভমৰ ভাতৃয়ে সংবাদ সংস্থাই জনাইছে যে, অস্ত্ৰধাৰীয়ে পৰ্যটকক প্ৰথমে নাম সুধিছিল৷ তাৰপিছতেই গুলি চলায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















