অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ অন্যতম অভিযুক্ত ৰিয়া চক্ৰৱর্তীৰ জামিনৰ আবেদন শুকুৰবাৰে খাৰিজ কৰে মুম্বাইৰ বিশেষ আদালতে। ৰিয়াৰ লগতে খাৰিজ হ’ল ভাতৃ সৌভিকসহ আন ৫ জনৰ জামিন আবেদন। ৰিয়া চক্ৰৱর্তীক মঙলবাৰে গ্ৰেপ্তাৰ কৰে নার্কোটিকছ কণ্ট্ৰ’ল ব্যুৰ’ই। ইয়াৰ পাছতে বুধবাৰে আদালতৰ নির্দেশ অনুসৰি ভাইখোলা জেললৈ পঠোৱা হয় ৰিয়াক। ভাইখোলা জেলৰ এটি বিশেষ কোঠাত ৰখা হৈছে ৰিয়া চক্ৰৱর্তীক। জনা গৈছে সেই বিশেষ কোঠাটোত কোনো ফেন বা বিছনা নাই। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰিয়াক সেই বিশেষ কোঠাটোত ৰখা হৈছে। কোঠাটোৰ সন্মুখত দুগৰাকী কনিষ্টবলে অবিৰত পহৰা দি আছে। ৰিয়াক শুবৰ বাবে বিছনাৰ পৰিৱর্তে এখন পাটী দিয়া হৈছে। শুবলৈ গাৰুও দিয়া নাই ৰিয়াক। টেবুল ফেন বা চিলিং ফেনৰ কোনো ব্যৱস্থা নাই কোঠাটোত। এযোৰ কাপোৰ, টুথ ব্ৰাছ-পেষ্টৰ বাদে ৰিয়াৰ লগত একো সামগ্ৰী ৰাখিব দিয়া নাই। ক’ৰোনা ভাইৰাছৰ বাবে জেলত প্ৰত্যেকগৰাকী কাৰাবন্দীকে হালধি দিয়া গাখীৰ দিয়া হয় শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে। মুম্বাইৰ এই মহিলা জেলখনত কিছুমাহ পূর্বে বহু কয়েদী ক’ৰোনাত আক্ৰান্ত হৈছে। মুম্বাইৰ ভাইখোলা জেল একমাত্ৰা মহিলা অপৰাধীৰ বাবে। বর্তমান বহুকেইগৰাকী হাইপ্ৰ’ফাইল অপৰাধী কাৰাবন্দী হৈ আছে জেলখনত। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল ছিনা বৰা হত্যাত জড়িত ইন্দ্ৰাণী মুখার্জী আৰু কুৰেগাঁও ভীমা ঘটনা সন্দর্ভত জড়িত অপৰাধী সুধা ভৰদ্বাজ। ৰিয়া চক্ৰৱর্তীৰ বিৰুদ্ধে যি অভিযোগ আছে সেই অভিযোগত ৰিয়াৰ ১০ বছৰ পর্যন্ত জেল হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















