অসম লাইভ ২৪ঃ ক’ৰোনা, লকডাউন, বলীউডত ড্ৰাগছ এই সকলোবোৰৰ মাজতে বলীউড অভিনেতা চলমান খানে নিজৰ কাম ঠিকেই কৰি গৈছে। আহি আছে তেওঁৰ দুখন ছবি ‘ৰাধে ইউ আৰ ম’ষ্ট ৱাণ্টেড ভাই’ আৰু ‘টাইগাৰ-৩’। টাইগাৰ-৩ হৈছে বলীউডৰ এই পর্যন্ত আটাইতকৈ ডাঙৰ বাজেটৰ ছবি। ২০০ৰ পৰা ২২৫ কোটি টকা বাজেট ছবিখনৰ। উল্লেখযোগ্য যে ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হ্যেই’ ছবি দুখনত চলমানৰ বিপৰীতে আছিল কেটৰীণা কাঈফ। এইবাৰো টাইগৰ-৩ নায়িকাৰ চৰিত্ৰত থাকিব কেটৰীণা। এই ছবিৰ বাবে বৃহৎ পৰিমাণৰ পাৰিশ্ৰমিক দাবী কৰিছে চলমান খানে। জানিব পৰা মতে এই ছবিৰ বাবে চল্লু ভায়ে ১০০ কোটি টকা ল’ব। অৱশ্যে কেটৰীণাৰ পাৰিশ্ৰমিকৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই। চলিত বছৰৰ শেষৰ ফালে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। সম্প্ৰতি চলমান খান ব্যস্ত বিগ বছৰ ১৪ তম ছিজনৰ শ্বুটিঙত। কিন্তু ছ’চিয়েল মিডিয়াত এতিয়া চলমান খানৰ সকলো ছবি বয়কটৰ দাবী উঠিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ