দাঁত আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। খাদ্য চোবোৱাৰ পৰা আৰম্ভ কৰি কথা কোৱা আৰু মুখৰ সৌন্দৰ্য বজাই ৰখালৈকে দাঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু দাঁতৰ সঠিক যত্ন নল’লে দাঁতৰ বিষ, দাঁতত পোক লগা, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, মুখৰ দুৰ্গন্ধ, দাঁত হালধীয়া হোৱা আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে।
বহুতে দাঁতৰ সমস্যা হ’লে কেৱল ঘৰুৱা উপায়েৰে সমাধান কৰিবলৈ চেষ্টা কৰে। কিন্তু সকলো দাঁতৰ সমস্যাৰ ক্ষেত্ৰত ঘৰুৱা উপায় যথেষ্ট নহয়। কেতিয়াবা দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।
বেছিভাগ ক্ষেত্ৰতে যেতিয়া আমাৰ দাঁতৰ বিষ হ’বলৈ আৰম্ভ কৰে তেতিয়া আমি দন্ত চিকিৎসকৰ ওচৰলৈ লৰালৰিকৈ যাওঁ। ফলত আমাৰ বহুত ধন খৰচ হয়। অৱশ্যে কিছুমান ঘৰুৱা উপায় আছে যিবোৰ বিষ কমোৱাত অতি ফলপ্ৰসূ। সেইবোৰ কি কি জানো আহক।
- দাঁতৰ বিষ হ’লে নহৰুৰ পেষ্ট লগাওক। নহৰুত থকা এলিচিন এবিধ সক্ৰিয় উপাদান যিয়ে বেক্টেৰিয়াক ধ্বংস ৰে। নহৰুৰ পেষ্ট তীব্ৰ অনুভৱ হ’ব পাৰে, কিন্তু বিষ হোৱা ঠাইত লগাওক। ইয়াৰ ফলত ফুলাভাৱো কমিব।
- হালধি দাঁতৰ বিষ দূৰ কৰাৰ বাবে উত্তম। ইয়াৰ ঔষধি গুণৰ বাবে আয়ুৰ্বেদত যথেষ্ঠ জনপ্ৰিয়। হালধিৰ অন্যতম পৰিচিত উপাদান হ’ল এলিচিন, যাৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰ’বিয়াল গুণ আছে। দাঁতৰ বিষৰ বাবে দায়ী কিছুমান বীজাণু ধ্বংস কৰাত হালধি অতি ফলপ্ৰসূ।
- দাঁতৰ বিষ কমোৱাৰ বাবে আন এটা অতি ফলপ্ৰসূ উপাদান হ’ল লং। এই মছলা কম বেছি পৰিমাণে সকলোৰে পাকঘৰত থাকে। গতিকে হাতত থকাটোও সুবিধাজনক। মাত্ৰ লৱণ থেতেলিয়াই, চোবাই লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















