অসম লাইভ ২৪ঃ নিৰাপত্তাৰক্ষীৰ আবেষ্টনীৰ মাজতেই অসুৰক্ষিত মুখ্যমন্ত্ৰী৷ নিশ্চিত বিপদৰ পৰা কথমপি প্ৰাণৰক্ষা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ৷ সুৰক্ষা কৰ্মীৰ গাফিলতি বাবে মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত প্ৰৱেশ অচিনাক্ত দুৰ্বৃত্তৰ৷ নিলম্বিত কৰ্তব্যৰত আৰক্ষী বিষয়া৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ সুৰক্ষা কৰ্মীৰ গাফিলতিৰ বাবেই কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠানৰ প্ৰৱেশ কৰে এজন অস্ত্ৰধাৰী লোক৷ এগৰাকী কৰ্তব্যৰত সুৰক্ষা কৰ্মীয়ে অচিনাক্ত লোকজনক প্ৰত্যক্ষ কৰি অনুষ্ঠানৰ পৰা বাহিৰ কৰি দিয়ে৷ সম্প্ৰতি আৰক্ষীয়ে চিনাক্ত কৰিছে লোকজনক৷ ঘটনাৰ পাছতেই কৰ্তব্যৰত আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ গাফিলতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তদন্তৰ অব্যাহত ৰাখিছে প্ৰশাসনে৷ ইতিমধ্যে ৪ গৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে৷ ৩ গৰাকী সুৰক্ষা কৰ্মীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে প্ৰশাসনে৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বস্তি জিলাত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ