জ্যোতিষশাস্ত্ৰত মঙল গ্ৰহ এফালে নিষ্ঠুৰ, অন্যফালে শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়৷ এই গ্ৰহ যেতিয়া অশুভ থাকে তেতিয়াই জীৱনলৈ বাধা বিপত্তি আহে৷ খং আৰু সংঘাতো বাঢ়ে৷ কিন্তু শুভ অৱস্থানত থাকিলে মঙ্গলে স্থাবৰ সম্পত্তি, মাটি, ঘৰ আৰু আত্মবিশ্বাস আনি দিয়ে৷ প্ৰতি ৪৫ৰ পৰা ৫৭ দিনৰ অন্তৰে অন্তৰে মঙ্গলে ৰাশি পৰিবৰ্তন কৰে৷ এইবাৰ ২৭ অক্টোবৰত মঙ্গলে তুলা ৰাশি এৰি প্ৰবেশ কৰিছে নিজৰ ঘৰ বৃশ্চিক ৰাশিত৷ জ্যোতিষীৰ মতে মঙ্গলৰ এই গোচৰে চাৰিটা ৰাশিৰ জীৱনলৈ কঢ়িয়াই আনে ইতিবাচক পৰিবৰ্তন৷
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি নিজেই মঙ্গল, সেয়ে এই ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় অত্যন্ত শুভ৷ আৰ্থিক উন্নতি আৰু নতুন সম্পত্তি কিনাৰ সম্ভাৱনা আছে৷ পৈতৃক সম্পত্তিক লৈ যদি কোনো অমীমাংসিত বিষয় থাকে তেতিয়া সমাধান হ’ব পাৰে৷ বন্ধুবান্ধৱৰ সহায়ত চাপ আৰু উত্তেজনা কিছু কমিব৷ দীৰ্ঘদিনৰ পৰিকল্পিত কাম সাফল্যৰ সৈতে শেষ হ’ব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে এই সময় সাফল্যৰ সময়৷ প্ৰেম জীৱনৰ জটিলতা দূৰ হব৷ সন্তান সংক্ৰান্তিয় সুখবৰ পোৱাৰ সম্ভাৱনা আছে৷ শহুৰেকৰ ঘৰৰ পৰা সম্পত্তি আৰু অৰ্থগত সুবিধা লাভ কৰিব৷ মেজাজ নিয়ন্ত্ৰণত থাকিব, ফলত সিদ্ধান্ত লোৱাত সুবিধা হ’ব৷ পৰিয়ালৰ সৈতে কোনো সৰু যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে৷
বৃশ্চিক ৰাশি
মঙলত নিজৰ গৃহত প্ৰৱেশ কৰিছে সেয়ে বৃশ্চিক ৰাশিৰ জাতকৰ বাবে এই সময় শক্তিৰ সময়৷ কৰ্মক্ষেত্ৰত উন্নতি, হঠাৎ আৰ্থিক লাভ বা নতুন বিনিয়োগৰ সম্ভাৱনা তৈয়াৰ হ’ব৷ দীৰ্ঘদিনৰ পাৰিবাৰিক টনাআঁজোৰা দূৰ হ’ব পাৰে৷ অবিবাহিতসকলৰ বাবে শুভ সময়, উপযুক্ত সংগীৰ সৈতে দেখা হ’ব পাৰে৷ প্ৰেমৰ সম্পৰ্ক দৃঢ় হব আৰু সন্তানৰ পৰাও সুখ পাব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ জীৱনলৈ আহিব পাৰে সুখবৰ৷ যিসকল চাকৰিহীন তেওঁলোকৰ বাবে নতুন কৰ্মসংস্থানৰ সম্ভাৱনা তৈয়াৰ হ’ব৷ ছাত্ৰ ছাত্ৰীসকলে পৰিশ্ৰমৰ ফল পাব৷ মাটি বা সম্পত্তি সংক্ৰান্তিয় কোনো কামত সাফল্য আহিব৷ স্বাস্থ্য পূৰ্বৰ তুলনাত থাকে থাকিব৷ পিতৃ-মাতৃৰ সহায়ত নতুন উদ্যোগ হাতত ল’ব পাৰে৷ পাৰিবাৰিক সম্পৰ্ক আৰু ঘনিষ্ঠ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















