অসম লাইভ ২৪ঃ ৰাজ্যত এক কৰুণ ঘটনা সংঘটিত হৈছে৷ একেটা পৰিয়ালৰে ৪ সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰাৰ ঘটনা পোহৰলৈ আহিছে।
আত্মহত্যাৰ চেষ্টা কৰা পৰিয়ালটোৰ আটাইকেইজন সদস্যই গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে৷ ঘটনাটোৱে সমগ্ৰ অঞ্চজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
এই কৰুণ ঘটনাটো সংঘটিত হৈছে নলবাৰী জিলাৰ জিলা ধমধমাৰ সমীপৰ আঙাৰধোঁৱা গাঁৱত। ঘটনাৰ বিৱৰণীৰ মতে একেটা পৰিয়ালৰে ৪ সদস্যই একেলগে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল৷
ফেৰিৱালা হিচাপে ব্যৱসায় কৰি পৰিয়াল চলোৱা ৰাজবংশী উপাধিৰ পতি-পত্নীসহ পুত্ৰ আৰু ধমধমা কলেজত পঢ়ি থকা কন্যাই একেলগে বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰি চলায়।
লোককেইজনৰ প্ৰাণৰক্ষা পৰে যদিও আটাইকেইজন গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ তিনিগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
প্ৰাথমিক অনুসন্ধানত পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে বিহপান কৰা বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ