এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ চাৰিজনকৈ লোক গৰু পোৱালিক ধৰ্ষণৰ অভিযোগ গ্ৰেপ্তাৰ হৈছে৷
এই জঘন্য ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ আলোৱাৰত৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চাৰিজন লোকে এটি মাইকী গৰু পোৱালি ধৰ্ষণ কৰি থকাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল৷ আৰক্ষীয়ে উক্ত ভিডিঅ’টোৰ উৎস সন্ধানত তদন্ত আৰম্ভ কৰা পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ঘটনাটো ৰাজস্থানৰ আলোৱাৰ জিলাৰ ভিৱাড়ীৰ চোহাৰপুৰত সংঘটিত হৈছিল৷
ইতিমধ্য আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি জুবিয়াৰ, তালিম, ৱাৰিছ আৰু চুনা নামৰ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷
আৰক্ষীয়ে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ৰ অধীনত গোচৰ ৰুজু কৰি চাৰি অভিযুক্ত জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷
‘‘গৰু পোৱালিটোৰ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ অভিযুক্তকেইজনৰ বয়স ২০ৰ পৰা ২২ বছৰৰ ভিতৰত৷’’ আলোৱাৰ আৰক্ষী অধীক্ষক শান্তনু কে সিঙে সংবাদ মাধ্যমৰ আগত কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ