মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১
পুনৰ ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। ৫.১ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল সমগ্ৰ ৰাজ্য।
পুৱতি নিশা ২বাজি ২৫মিনিট ৪০ ছেকেণ্ডত অনুভূত হয় এই ভূমিকম্প। ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলা।
শদিয়াৰ পৰা ধুবুৰীলৈকে কঁপাই গ’ল ভয়ংকৰ ভূমিকম্পই। সমতলৰ পৰা ১৬ কিলোমিটাৰ গভীৰতা আছিল ইয়াৰ উৎপত্তি কেন্দ্ৰ।
ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। বিশেষকৈ প্ৰভাৱিত হয় মৰিগাঁৱৰ কাষৰীয়া জিলা , নগাঁও কামৰূপ মহানগৰ তথা গুৱাহাটী ।
ইপিনে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ো কঁপাই যায় এই প্ৰচণ্ড ভূমিকম্পটোৱে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ,ভূটান,চীনতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
দীঘলীয়া আছিল এই ভূমিকম্প, প্ৰায় ১মিনিট সময় অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।
নিশা শুই থকা অৱস্থাত অহা এই ভূমিকম্পটোৱে শোৱাপাটী এৰি ৰাস্তালৈ ওলাই আহিবলৈ বাধ্য কৰায় ৰাইজক । ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে আতংকিত জনতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ