উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?
মাজ নিশা হঠাতে প্ৰচণ্ড ভূমিকম্পই কঁপাই তোলে সমগ্ৰ ৰাজ্য তথা উত্তৰপ-পূৱ লগতে কাষৰীয়া দেশ। ৰাষ্ট্ৰীয় ভূ-কম্পন বিভাগে সদৰি কৰা অনুসৰি ৫ পইণ্ট ৰিখটাৰ স্কেলৰ ভূমিকম্পটো প্ৰায় ১ মিনিট মান সময় ধৰি কঁপাই থাকে । যাৰ ফলত আতংকিত হৈ পৰি জনতা।
মৰিগাঁও আছিল ইয়াৰ অভিকেন্দ্ৰ, সমতলৰ পৰা ১৬ কিলোমিটাৰ গভীৰতাত অহা এই ভূমিকম্পৰ ফলত অৱশ্যে বৰ্তমানলৈ কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই। কিন্তু অসম তথা উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প।
সাধাৰণ ভাষাত কবলৈ গ’লে উত্তৰ-পূৱত ভূমিকম্প অহাটো বিশেষ গুৰুতৰ কথা নহয়, কাৰণ ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল এইটো। এই অঞ্চলটো ভি (V) জ’নত পৰে, অৰ্থাৎ ইয়াত প্ৰবল কঁপনিৰ আশংকা অধিক। যিদৰে জাপান তেনেদৰে এই উত্তৰ-পূৱ অঞ্চল।
শেহতীয়া বছৰবোৰত এই অঞ্চলত কেইবাটাও বৃহৎ ভূমিকম্পই জোকাৰি গৈছে, ২০২১ চনৰ ৬ ৰিখটাৰ স্কেলৰ ভূমিকম্প এক অন্যতম ভূমিকম্প। ঢেকিয়াজুলিত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ফলত ঘৰ -অট্টালিকা আদি ভাঙি পৰাৰ লগতে পাহাৰ আদিয়ো খহি পৰিছিল।
ইয়াৰ বাহিৰেও অগনন সৰু বৰ ভূমিকম্পই জোকাৰি আছে এই জ’ন। পুৰণি ভূমিকম্পৰ কথা কবলৈ গ’লে ১৯৫০ চনৰ অসম-তিব্বত ভূমিকম্প (মাত্ৰা ৮.৬) আৰু ১৮৯৭ চনৰ শিলচৰ ভূমিকম্প (মাত্ৰা ৮.১) – দুয়োটা ইতিহাসৰ আটাইতকৈ শক্তিশালী ভূমিকম্পৰ ভিতৰত অন্যতম।
ভূমিকম্পবিজ্ঞানীসকলৰ মতে আমাৰ পৃথিৱীৰ পৃষ্ঠভাগ মূলতঃ সাতখন ডাঙৰ আৰু বহুতো সৰু সৰু টেকটনিক প্লেটেৰে গঠিত। এই প্লেটবোৰ অবিৰতভাৱে গতি কৰি থাকে আৰু প্ৰায়ে ইটোৱে সিটোৰ লগত সংঘৰ্ষ হয়।
এই সংঘৰ্ষৰ ফলত প্লেটবোৰৰ চুকবোৰ বেঁকা হ’ব পাৰে আৰু আনকি অত্যধিক চাপৰ বাবে ভাঙিবও পাৰে। এনে পৰিস্থিতিত তলৰ পৰা অহা শক্তিয়ে বাহিৰলৈ যেতিয়া মাটিৰ ভিতৰৰ পৰা ওলাই আহে তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ