বিশ্বৰ ৫ ক্ৰিকেটাৰ, যাৰ নাম সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু, এজনেটো লাইভ টিভিতেই কৰিছিল লজ্জাজনক কাম
ক্ৰিকেটক ভদ্ৰলোকৰ খেল বুলি কোৱা হয়। কিন্তু ক্ৰিকেটত বহু সময়ত এনে ঘটনা সংঘটিত হয়, যাৰ বাবে এই খেলখন লজ্জাজনক হৈ পৰে। ক্ৰিকেটত বহু বিখ্যাত যৌন কেলেংকাৰী সংঘটিত হৈছে। তাত বিশ্ব ক্ৰিকেটৰ ডাঙৰ ডাঙৰ খেলুৱৈৰ নাম সাঙোৰ খাই আছে। তেনে খেলুৱৈৰ ভিতৰত ৫ জন খেলুৱৈ বিশেষভাৱে চৰ্চিত-
ক্ৰিছ গেইল
প্ৰতিজন ক্ৰিকেট অনুৰাগীয়ে জানে ক্ৰীছ গেইলৰ বিষয়ে। গেইলৰ ব্যক্তিগত জীৱন অতি বিতৰ্কিত। ২০১৫ চনৰ বিশ্বকাপৰ সময়ত মালিচ থেৰাপিষ্টে গেইলে টাৱেল খুলি নিজৰ ব্যক্তিগত অংগ উন্মোচন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে এই গোচৰত পাছত গেইলে আদালতৰ পৰা ক্লিন চিট পাইছিল। ইয়াৰ উপৰিও তেওঁ বিগ বেছ লীগত লাইভ টিভিত এংকৰৰ সৈতে ফ্লাৰ্ট কৰি বহু বিতৰ্কৰ সৃষ্টি কৰিছিল।
শ্বেন ৱাৰ্ন
অষ্ট্ৰেলিয়াৰ মহান লেগ স্পিনাৰ শ্বেন ৱাৰ্ণৰো নাম যৌন কেলেংকাৰীত উত্থাপন হৈছে। শ্বেন ৱাৰ্নে ব্ৰিটিছ নাৰ্ছ ডনা ৰাইটলৈ ডাৰ্টি টেক্সট প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ২০০৬ চনত কাউন্টি ক্ৰিকেট খেলখনৰ পূৰ্বেও দুগৰাকী মডেলৰ সৈতে তেওঁৰ ফটো ফাদিল হৈছিল।
কেভিন পিটাৰচেন
ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে তেওঁৰ প্ৰেমিকা ভেনেছা নিমোৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এই দুয়োৰে মাজৰ সম্পৰ্ক মাত্ৰ এমাহ ধৰি চলিছিল। পিটাৰছনৰ বিৰুদ্ধে টেক্সট মেছেজৰ জৰিয়তে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ অভিযোগ উত্থাপন কৰিছিল ছানীয়ে। ইয়াৰ বাহিৰেও তেওঁৰ বিৰুদ্ধে যৌন আসক্ত বুলি অভিযোগ উত্থাপন হৈছিল। প্ৰেমিকাই কৈছিল যে পিটাৰছনে তাইৰ ওপৰত শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰে।
শ্বাহিদ আফ্ৰিদি
পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীৰ নাম সদায় বিতৰ্কৰ মাজত । হোটেলৰ কোঠাত ছোৱালীৰ সৈতে ধৰা পৰিছিল। এই সময়ছোৱাত তেওঁৰ দলৰ সতীৰ্থও আফ্ৰিদীৰ লগত আছিল। ইয়াৰ পিছত পিচিবিয়ে এই খেলুৱৈসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইচিচি চেম্পিয়নছ ট্ৰফী ২০০০ত খেলাৰ পৰাও নিষেধাজ্ঞা আৰোপ কৰিছিল।
হেৰ্চেল গিবছ
‘টু দ্য পইণ্ট’ জীৱনীত দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি হাৰ্চেল গিবছে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু ডাঙৰ ডাঙৰ কথা প্ৰকাশ কৰিছিল। সেই কিতাপখনতেই প্ৰকাশ কৰিছিল নিজৰ জীৱনৰ যৌন কেলেংকাৰীৰ কথাও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ