শনিবাৰে জন্মু আৰু কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ দুটা পৃথক পৃথক অভিযানত ৫ গৰাকীকৈ সন্ত্ৰাসবাদী নিহত হৈছে৷
জন্মু আৰু কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ অনুসৰি সন্ত্ৰাসবাদ বিৰোধী দুটা পৃথক পৃথক এনকাউণ্টাৰত পুলৱামা আৰু বুধগাম জিলাত পাঁচগৰাকী সন্ত্ৰাসবাদী নিহত হৈছে৷
ঘটনাৰ বিৱৰণীৰ মতে পুলৱামা জিলাত সংঘটিত সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাবসবাদীৰ ভিতৰত এগৰাকী পাকিস্তানী সন্ত্ৰাসবাদী আছে৷ নিৰাপত্তাৰক্ষীৰে হোৱা এই সংঘৰ্ষত জেইজ-ই-মহম্মদৰ কামাণ্ডাৰ জাহিদ ৱানীও নিহত হৈছে৷
ইফালে বুধগাম জিলাৰ চ্ৰেৰ-ই-শ্বৰীফ এলেকাত হোৱা সংঘৰ্ষত আন এগৰাকী সন্ত্ৰাসবাদী নিহত হৈছে৷ নিৰাপত্তাৰক্ষীয়ে উক্ত সংঘৰ্ষস্থলীৰ পৰা এটা একে 47 ৰাইফলো উদ্ধাৰ কৰিছে৷
দুটা পৃথক পৃথক সংঘৰ্ষত পাঁচগৰাকীকৈ সন্ত্ৰাসবাদীক হত্যা কৰাৰ পিছতে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এই অভিযান দুটাক সফল অভিযান বুলি অভিহিত কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা মাহটোত কাশ্মীৰ উপত্যকাত নিৰাপত্তাৰক্ষীৰ গুলীত অতি কমেও ২২ গৰাকী সন্ত্ৰাসবাদীৰ নিহত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ