অসম লাইভ ২৪ঃ সামাজিক মাধ্যমত ভাইৰেল হোৱা এলানি ধাৰাবাহিক ভিডিঅ’ৱে সমগ্ৰ বিশ্বৰ নেটিজেনসকলক বাকৰহিত কৰি তুলিছে৷
প্ৰথমে টুইটাৰত ভাইৰেল হোৱা উক্ত ভিডিঅ’সমূহত দেখা গৈছে এজন যুৱকে তেওঁৰ জীৱনৰ এটা অতি হৃদয় বিদাৰক ঘটনাৰ বিৱৰণ দিছে৷ এই ভিডিঅ’ লানিৰ পিছতে মেক্সিকোৰ সংবাদ পত্ৰ মেক্সিকো ডেইলী নিউজ-এ এই সন্দৰ্ভত এখন প্ৰতিবেদনো প্ৰকাশ কৰিছে৷
মেক্সিকোৰ ৰাজা কেলিফ’ৰ্ণিয়াৰ নিৱাসী উজেইল মাৰ্টিনেজ নামৰ উক্ত যুৱকজনে বিৱৰি কোৱা ঘটনা অনুসৰি তেওঁ প্ৰেমিকাৰ মাতৃৰ কিডনীৰ বিকল হৈছিল৷ আৰু যুৱকজনে নিজৰে এটা কিডনী দান কৰি প্ৰেমিকাৰ মাতৃৰ জীৱিন ৰক্ষা কৰে৷
প্ৰেমিকাৰ মাতৃক এটা কিডনী দান কৰাৰ পিছতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বিপৰীতে মাত্ৰ এমাহৰ ভিতৰত প্ৰেমিকাগৰাকীয়ে অন্য এগৰাকী পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ইয়াৰ পিছতে সুখত ভাগি পৰিছে মেক্সিকোৰ উক্ত যুৱকগৰাকী৷
ভিডিঅ’ লানি ভাইৰেল হোৱা আৰু ডেইলী নিউজৰ প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ পিছতে শোকত ভাগি পৰা ভুক্তভোগী যুৱকজনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে বিশ্বৰ নেটিজেনসকলে৷
আনিক বহুলোকে যুৱকজনক সাহস দিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ বহু নেটিজেনে যুৱকজনক ইয়াক জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰি জীৱনটো উদযাপন কৰিবলৈ পৰামৰ্শ দিছে৷
আনকি একাংশই নিজৰ নিজৰ বিবাহ বিচ্ছেদৰ প্ৰমাণ পত্ৰ আপলোড কৰি যুৱকজনক সাত্বনা প্ৰদান কৰিছে৷ আন একাংশই সদ্য প্ৰাক্তন প্ৰেমিক আৰু প্ৰেমিকাৰ ছেল্ফী আপলোড কৰি বিচ্ছেদৰ পিছতো জীৱনটোক আগুৱাই নিয়াৰ কেনেদৰে সংকল্প লৈছে তাৰ বিৱৰণ দি যুৱকজনক উৎসাহিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ