অসম লাইভ ২৪ঃ এক লোমহৰ্ষক পথ দুৰ্ঘটনাত মৃত্যু হৈছে পাঁচগৰাকীকৈ কাৰ আৰোহীৰ৷
এখন কন্টেইনাৰ আৰু কাৰৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত মৃত্যু হৈছে পাঁচজন লোকৰ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মুম্বাই-পুনে সংযোগী পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰ ল’নাভ্লা নামৰ ঠাইত দেওবাৰে পুৱা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷
ঘটনাৰ বিৱৰণী অনুসৰি ল’নাভ্লাৰ দিশৰ পৰা পুনে অভিমুখে গৈ থকা বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাই পথৰ ডিভাইডাৰ ভাঙি বিপৰীত দিশৰ পৰা আহি থকা এখন দ্ৰুতবেগী কন্টেইনাৰখনৰ তলত সোমাই পৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়৷
এই ভয়ংকৰ দুৰ্ঘটনাটোত মুম্বাই মীৰা ৰোডৰ নিৱাসী মাছিদেৱী তিলক(৪২), সীমা ৰাজ(৩২), শালিনী ৰূপনাৰায়ণ ৰাজ(১৯), মহাবীৰ ৰাজ(১৮) আৰু চালকজন থিতাতে নিহত হয়৷ মুম্বাইৰে কুৰ্লা এলেকাৰ ৰেহান আনছাৰী নামৰ অন্য এজন লোকো দুৰ্ঘটনাটোত নিহত হৈছে৷
ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনাটোত অন্য কেইগৰাকী মান লোক আহত হৈছে আৰু তেওঁলোকক স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
দুৰ্ঘটনাৰ পিছতে ল’নাভ্লাত ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা বুলিও স্থানীয় আৰক্ষী বিষয়াই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ