এগৰাকী মহিলাক ১৫০০০ টকাৰ বিনিময়ত ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ দাখিল কৰোৱাই অৱশেষত হাইলাকান্দিৰ দুই যুৱক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে৷
জানিব পৰা মতে হাইলাকান্দিৰ লালা আৰক্ষীয়ে নিজাম উদ্দিন বৰভূঞা আৰু আলতাফ হুছেইন লস্কৰ নামৰ দুই যুৱকক এই গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই দুই যুৱকে ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে এগৰাকী মহিলাক ১৫ হাজাৰ টকা প্ৰদান কৰি ব্যৱহাৰ কৰিছিল৷ অভিযোগ অনুসৰি মহিলাগৰাকীক উক্ত দুই যুৱকে ১৫ হাজাৰ টকা দি ৫ যুৱকে তেওঁ দলৱদ্ধভাৱে ধর্ষণ কৰাৰ অভিযোগ কৰি যোৱা ২৮ মে’ত হাইলাকান্দিৰ লালা আৰক্ষী থানাত এক গোচৰ দাখিল কৰোৱাইছিল৷ হাইলাকান্দি চহৰৰ পৰা লালালৈ যোৱাৰ পথত আয়নাখাল অঞ্চলত দলবদ্ধ ধৰ্ষণৰ চিকাৰ হৈছিল বুলি উল্লেখ কৰিছিলে মহিলাগৰাকীয়ে।
লগতে পঢ়ক লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ
ইয়াৰ পিছতে ঘটনাই নতুন মূৰ লয়৷ উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৫ যুৱকক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে৷ ইয়াৰ মাজতে হঠাতে মহিলাগৰাকীয়ে আৰক্ষীৰ আগত তেওঁ ধৰ্ষণৰ বলি হোৱা নাই বুলি প্ৰকাশ কৰে৷ আনকি আদালততো মহিলাগৰাকীয়ে কয় যে তেওঁ ধৰ্ষণৰ বলি হোৱা নাছিল, বৰং উক্ত দুই যুৱকে তেওঁক ১৫০০০ টকাৰ বিনিময়ত ৫ যুৱকৰ বিৰুদ্ধে ধর্ষণৰ ভুৱা গোচৰ দাখিল কৰোৱাইছিল৷
ইয়াৰ পিছতে আদালতে আৰক্ষীক উক্ত দুই যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ আদালাতৰ নিৰ্দেশৰ ভিত্তিতে লালা আৰক্ষীয়ে যোৱা নিশা অভিযুক্ত আলতাফ হুছেইনক আৰু আজি পুৱা নিজাম উদ্দিন বৰভূঞাক গ্ৰেপ্তাৰ কৰে।
ইপিনে, গ্ৰেপ্তাৰ হোৱা পিছতে এক অভিযুক্ত আলতাফ হুছেইনে নিজক নিৰ্দোষী বুলি দাবী কৰি এই সকলো নিজাম উদ্দিনৰ ষড়যন্ত্ৰ বুলি দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ