অসম লাইভ ২৪ঃ দেশত ভয়াৱহভাৱে অব্যাহত থকা কোভিড সংক্ৰমণৰ গ্ৰাসত দেশৰ উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশ কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত। আজি এঘণ্টা পলমকৈ আৰম্ভ হয় ন্যায়ালয়ৰ কাম-কাজ। ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বিভিন্ন গোচৰৰ শুনানি প্ৰদান কৰা হয়। শনিবাৰৰ দিনটোত ক’ৰোনাত আক্ৰান্ত হয় উচ্চতম ন্যায়ালয়ৰ ৪৪ গৰাকী কৰ্মচাৰী।
বিগত সপ্তাহত ভাৰতত প্ৰায় ১০ লক্ষাধিক লোক আক্ৰান্ত হয় ক’ৰোনাত। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৯০৪ গৰাকী কোভিড ৰোগী মৃত্যু হৈছে ভাৰতত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ