বিৰল দৃশ্য, মাজত মাথো কেইটামান দিন, দেখা পোৱা যাব ‘কোল্ড মুন’
ছুপাৰ মুন, ৰেড মুন, ব্লু মুন আদি সকলো দেখিছে, পাছে জানেনে কোল্ড মুনৰ বিষয়ে। বছৰটোৰ সবাতোকৈ দীঘল নিশাৰ নিকটতম পূৰ্ণিমাক কোৱা হয় কোল্ড মুন। এইবাৰ ২০২৪ চনৰ কোল্ড মুন দেখা পাব ১৫ ডিচেম্বৰ তাৰিখে।
এই কোল্ড মুন তথা পূৰ্ণিমাৰ চন্দ্ৰটো বছৰৰ আটাইতকৈ দীঘলীয়া নিশা ২১ ডিচেম্বৰৰ আশে-পাশে দেখা যায়। এইবাৰ ১৫ ডিচেম্বৰৰ নিশা এই চন্দ্ৰ দেখা যাব যদিও, পুৱতি নিশা প্ৰায় ৪ মান বজাত এই চন্দ্ৰ সম্পূৰ্ণ ৰূপত দৃশ্যমান হ’ব।
ডিচেম্বৰ মাহটো শীতকালৰ সবাতোকৈ ঠাণ্ডাৰ মাহ, তাতে আৰু সবাতোকৈ দীঘল নিশাৰ মাহো। সেয়েহে এই পূৰ্ণিমাৰ নিশা দেখা পোৱা এই চন্দ্ৰটোক কোল্ড তথা শীতল চন্দ্ৰ বোলা হয়। অৱশ্যে এই বিশেষ নাম নিউয়ৰ্ক আৰু কানাডাৰ লোকসকলে দিয়া।
ইউৰোপত এই পূৰ্ণিমাৰ চন্দ্ৰক বৰদিনৰ আগৰ চন্দ্ৰ বুলিও কোৱা হয়। শীতল চন্দ্ৰক আটাইতকৈ দীঘলীয়া ৰাতিৰ চন্দ্ৰ বুলিও কোৱা হয়। এই পূৰ্ণিমাৰ চন্দ্ৰ সাধাৰণতে অন্য পূৰ্ণিমাতকৈ অধিক সময় থাকে। এ
এই শীতল পূৰ্ণিমাৰ চন্দ্ৰ মাছাচুচেটছ, উত্তৰ কানাডা, উত্তৰ-পশ্চিম ইউৰোপ, গ্ৰীণলেণ্ড আৰু আইচলেণ্ডত বসবাস কৰা লোকসকলে এই চন্দ্ৰটো চাব পাৰিব।
অৱশ্যে সম্পূৰ্ণ ৰূপত থকা এই চন্দ্ৰ ভাৰতত দেখা নাযাব। বছৰৰ শেষৰ পূৰ্ণিমাত দেখা পোৱা এই চন্দ্ৰ মহাকাশ বিজ্ঞানীসকলৰ বাবে বহু দিশত গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা বিজ্ঞানীসকলৰ চন্দ্ৰৰ ওপৰত গৱেষণাত সহায় কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ