অসম লাইভ ২৪ঃ ২০২২ বৰ্ষত দেশত আৰম্ভ হ’ব 5G নেটৱৰ্ক সেৱা৷ প্ৰথমে দেশৰ নিৰ্বাচিত মেট্ৰ’ চহৰসমূহত আৰম্ভ হ’ব এই সেৱা৷ আগন্তুক বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহৰ পৰা দেশৰ ১৩ খন চহৰত আৰম্ভ হ’ব এই নেটৱৰ্ক সেৱা৷ প্ৰাৰম্ভিক পৰ্যায়ত কলকাতা, দিল্লী, মুম্বাই, ছণ্ডীগড়, বেংগালুৰু, আহমেদাবাদ, চেন্নাই, হায়দৰাবাদ, লক্ষ্নৌ, পুনে, জামনগৰ আৰু গান্ধীনগৰত আৰম্ভ হ’ব এই সেৱা৷ টেলিকম অপাৰেটৰ এয়াৰটেল, ৰিয়ালেন্স, ভোডাফোন আইডিয়াই ইতিমধ্যে স্থাপন কৰিছে পৰীক্ষণ চাইট৷ সোমবাৰে টেলিকমিউনিকেচন বিভাগে সদৰী কৰিছে এই কথা৷ ২০৩৫ চনৰ ভিতৰত 5G ব্যৱস্থাই ভাৰতৰ অৰ্থনৈতিক পৰিসৰ বৃদ্ধি কৰিব৷ এক ত্ৰিলিয়ন ডলাৰ বৃদ্ধি কৰাৰ পৰিকল্পনা লৈছে ভাৰতে৷ ভাৰতত ৫জিয়ে ২০২৬ চনৰ ভিতৰত ২৭ মিলিয়ন ডলাৰতকৈ অধিক ৰাজহ প্ৰদান কৰিব বুলিও আশাবাদী কেন্দ্ৰ৷ ২২৪ কোটি ব্যয়সাপেক্ষে আৰম্ভ কৰা এই প্ৰকল্প অহা ৩১ ডিচেম্বৰত সম্পূৰ্ণ হ’ব৷ IIT বম্বে, IIT দিল্লী, IIT হায়দৰাবাদ, IIT মাদ্ৰাছ, IIT কানপুৰ, IISC বেংগালুৰু, SAMEER আৰু CEWiT- এই ৮ খন প্ৰতিষ্ঠানৰ সহযোগত DoTয়ে ২০১৮ চনত আৰম্ভ কৰিছিল এই প্ৰকল্পৰ কাম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















