৪৯খন আসনত পঞ্চম পৰ্যায়ৰ ভোটদান আৰম্ভ; সবাতোকৈ ধনী প্ৰাৰ্থীৰ সম্পত্তি ২১২ কোটিতকৈও অধিক
২০২৪ চনৰ পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ২০ মে’ৰ পৰা ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯খন আসনৰ বাবে ভোটদান আৰম্ভ হৈছে। ৫ম পৰ্যায়ৰ ভোটগ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাজনাথ সিং আৰু স্মৃতি ইৰানীকে ধৰি চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাগ্য নিৰ্ণয় হ’ব আজি।
এই পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪খন, মহাৰাষ্ট্ৰৰ ১৩খন, পশ্চিম বংগৰ ৭খন, ওড়িশাৰ ৫খন, বিহাৰৰ ৫খন, ঝাৰখণ্ডৰ ৩খন, জম্মু-কাশ্মীৰৰ এখন আৰু লাডাখৰ এখন আসনত ভোটদান চলি আছে।
পঞ্চম পৰ্যায়ত বহু মন্ত্ৰী আৰু সুপৰিচিত ব্যক্তিৰ ভাগ্য ইভিএমত বন্দী হ’ব। এই পৰ্যায়ত মোডী চৰকাৰৰ মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি ইৰানীকে ধৰি ৰাহুল গান্ধী, চিৰাগ পাছৱান, ওমৰ আব্দুল্লা, সাধ্বী নিৰঞ্জন জ্যোতি, পীযুষ গোৱাল, ৰাজীৱ প্ৰতাপ ৰুডীৰ দৰে প্ৰবীণ নেতাৰ নাম আছে।
আজিৰ নিৰ্বাচনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ২২৭ গৰাকী প্ৰাৰ্থী কোটিপতি আছে। বিজেপিৰ ৩৬জন, কংগ্ৰেছৰ ১৫জন আৰু সমাজবাদী পাৰ্টিৰ ১০জন প্ৰাৰ্থীৰ সম্পত্তি ১ কোটি টকাৰ ওপৰত। মুঠ প্ৰাৰ্থীৰ গড় সম্পত্তিৰ পৰিমাণ আছিল ৩.৫৬ কোটি টকা।
ইয়াৰে ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী বিজেপিৰ অনুৰাগ শৰ্মা। উত্তৰ প্ৰদেশৰ ঝান্সীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অনুৰাগ শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ ২১২ কোটিতকৈও অধিক। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ ভীৱণ্ডী আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী নীলেশ ভগৱান ছাম্বে ১১৬ কোটি টকাৰ সম্পত্তিৰে দ্বিতীয় সৰ্বাধিক ধনী প্ৰাৰ্থী।
মুম্বাই উত্তৰ আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল এই তালিকাৰ তৃতীয় ধনী প্ৰাৰ্থী। তেওঁৰ মুঠ সম্পত্তি ১১০ কোটিতকৈ অধিক বুলি ঘোষণা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ