অসম লাইভ ২৪ঃ ৰুবী, গস আৰু লুসী৷ সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু৷ পখিলা খেদাৰ বয়সতেই শিশুকেইটিয়ে পিতৃ-মাতৃক দিছে জীৱনৰ শ্ৰেষ্ঠ উপহাৰ৷ স্থায়ী গৃহৰ ঠিকনাৰে এতিয়া ৫ কোটি টকীয়া এটি বিলাসী গৃহৰ মালিক ৰুবী, গস আৰু লুসী আৰু তেওঁলোকৰ পিতৃ-মাতৃ৷ মাত্ৰ ৬ বছৰ বয়সতেই নিজৰ বাবে ক্ৰয় কৰিলে নিজৰ নামত জীৱনৰ প্ৰথমটো ঘৰ৷
অষ্ট্ৰেলিয়াৰ মেলবৰ্নত ক্ৰয় কৰিছে গৃহটো৷ নিজৰ ‘পকেট মানী’ৰ টকা বচাই ভাতৃ-ভগ্নীৰ সৈতে মিলি ৰুবীয়ে ক্ৰয় কৰে ৫ কোটি টকীয়া বিলাসী ঘৰটো৷ তিনিওটি শিশুৱে আঢ়ৈ লাখকৈ টকা আগবঢ়োৱাৰ লগতে বাকীখিনি টকা পিতৃয়ে দি সহায় কৰি শিশুটিৰ নামত ক্ৰয় কৰে ঘৰটো৷ টকা উপাৰ্জনৰ বাবে পিতৃৰ কামত হাত আগবঢ়াইছিল তিনিওটা শিশুৱে৷
পিতৃ-মাতৃয়েও উৎসাহিত কৰিছিল সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত৷ অৱশ্যে ২০৩২ চনত ঘৰটো বিক্ৰী কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰিছে ৰুবীয়ে৷ কাৰণ অনাগত ১০ বছৰত ঘৰটোৰ দাম হ’বগৈ বৰ্তমানৰ তুলনাত দুগুণ৷ উল্লেখ্য, ৰুবী, গস আৰু লুসীৰ পিতৃ কেম মেক্লন অপেন ক্ৰপ নামৰ এটি প্ৰ’পাৰটি কোম্পানীৰ মালিক৷
শেহতীয়াকৈ তেওঁ লিখি উলিয়াইছে My Four Year Old, The Property Investor নামৰ কিতাপ খন৷ আৰু পিতৃয়ে তিনিওটা সন্তানলৈ উৎসৰ্গা কৰিছে কিতাপখন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ