এজন ব্যক্তিয়ে জীৱনত কিমানবাৰ বিবাহপাশত আৱদ্ধ হ’ব পাৰে! এবাৰ, দুবাৰ, তিনিবাৰ বা চাৰিবাৰ…! কিমানবাৰ বিবাহপাশত আৱদ্ধ হ’ব পাৰে! আপুনি কল্পনা কৰিব পাৰিবনে? আপুনি জানি আচৰিত হ’ব যে এজন লোকে ৬৩ বছৰত ৫৩ বাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে৷
এই অভিলেখ সৃষ্টিকাৰী লোকজন হৈছে চৌদি আৰৱৰ বাসিন্দা আবু আব্দুল্লাহ৷ তেওঁক এই শতিকাৰ সৰ্বাধিক বহুবিবাহী বুলি অভিহিত কৰিলেও ভুল কোৱা নহ’ব। আচলতে আব্দুল্লাহে ৪৩ বছৰতেই ৫৩ বাৰকৈ বিবাহ কৰিছে। প্ৰকাশিত খবৰৰ মতে লোকজনে কাষত পত্নীৰ অভাৱ নিবিচাৰে বাবেই বিদেশ ভ্ৰমণৰ সময়ত যি দেশলৈকে যায় তাতেই একোগৰাকী মহিলাৰে বিবাহপাশত আৱদ্ধ হয়৷
অৱশ্যে এইদৰে বিবাহপাশত আৱদ্ধ হৈ আহিলেও আব্দুল্লাই দাবী কৰে যে তেওঁ নিজৰ কোনো পত্নীৰ লগত অন্যায় কৰা নাই, সকলোকে সমান ব্যৱহাৰ আৰু সমান অধিকাৰ দিছে।
লগতে পঢ়ক বজাৰত নাপাব জনছন পাউডাৰ! বাতিল জনছন এণ্ড জনছল প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ;
আব্দুলাই প্ৰথম বিবাহ কৰাইছিল ২০ বছৰ বয়সত৷ তেতিয়া তেওঁ নিজেও ইমানবোৰ বিবাহ কৰিব বুলি ভবাই নাছিল৷ আবু আব্দুল্লাই কয় যেতিয়া প্ৰথম বিবাহ হৈছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ বিশ বছৰ।
ল’ৰা-ছোৱালীৰে প্ৰথমা পত্নীৰ সৈতে তেওঁ শান্তিত থাকিলেও তিনিবছৰ পাৰ হোৱাৰ পাছত এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হ’ল যে তেওঁ পুনৰ বিয়া কৰাৰ সিদ্ধান্ত ল’লে। তাৰ পিছত ২৩ বছৰ বয়সত দ্বিতীয় বিবাহ কৰালে৷
আবু আব্দুল্লাৰ ৫৩ গৰাকী পত্নীৰ মাজৰ অধিকসংখ্যকেই চৌদি মহিলা। অৱশ্যে কে’বাগৰাকী বিদেশী মহিলাকো তেওঁ বিয়া কৰাইছে। তেওঁ কয় যে তেওঁ তিনি-চাৰি মাহ ব্যৱসায়িক সংক্ৰান্ত বিদেশ ভ্ৰমণত থাকিবলগীয়া হয় আৰু তেতিয়াই তেওঁ বিদেশী মহিলাৰে বিবাহপাশত আৱদ্ধ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ