বাতিল কৰা হৈছে জনছন এণ্ড জনছন প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ। শুকুৰবাৰে মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধৰ গুণাগুণ পৰীক্ষা কৰা সংস্থা FDA (Food and Drugs Administration)-এ বাতিল কৰিছে জনছন প্ৰাইভেট লিমিটেডৰ বেবী পাউদাৰ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ। দেশৰ বৃহত্তৰ জনগণৰ স্বাৰ্থতেই FDA-এ গ্ৰহণ কৰিছে এই পদক্ষেপ।
শুকুৰবাৰে মহাৰাষ্ট্ৰ চৰকাৰে জাৰি কৰা বিজ্ঞাপ্তিত কোৱা অনুসৰি জনছনৰ বেবী পাউডাৰে নৱজাতকৰ ছালত কুপ্ৰভাৱ পেলাইছে। শিশুৰ বাবে এই পাউডাৰ উপযোগী নহয় বুলিও FDA-এ প্ৰকাশ কৰিছে।
লেবৰটৰী টেষ্টত জনছন বেবী পাউডাৰৰ pH ভেল্যুত খেলিমেলি পোৱা গৈছিল। কলকাতাত থকা চেণ্ট্ৰেল ড্ৰাগছ লেবৰটৰীত কৰা পৰীক্ষাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। জনছনৰ বেবী পাউডাৰৰ নমূনা পৰীক্ষাত এই পাউডাৰৰ pH থাকিব লগা IS 5339:2004-ৰ সৈতে খাপ খোৱা নাই।
লগতে পঢ়ক পিতৃৰ মৃত্যুত মুণ্ডন নকৰাটোৱেই হ’ল অপৰাধ! ৪ টা পৰিয়ালক কৰা হ’ল সমাজচ্যুত
পৰীক্ষাৰ অন্তত এই পাউডাৰ উন্নত মানদণ্ডৰ নহয় বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। FDA-এ ড্ৰাগছ ক’ছমেটিকছ এক্ট ১৯৪০-ৰ অধীনত জনছন আৰু জনছনক কাৰণ দৰ্শোৱাৰ জাননী দিছে।
ইয়াৰোপৰি বৰ্তমান ষ্টকত থকা জনছন পাউডাৰৰ ষ্টকৰ সময়ো প্ৰকাশ কৰিবলৈ কোম্পানীটোক নিৰ্দেশ দিছে মহাৰাষ্ট্ৰ চৰকাৰে। ইপিনে চৰকাৰে জাননী দিয়াৰ পিছতো কোম্পানীটোৱে তেওঁলোকৰ প্ৰডাক্ট পৰীক্ষাৰ বাবে লেবৰটৰীলৈ পঠাবলৈ অস্বীকাৰ কৰে। যাৰ বাবে FDA-এ কোম্পানীটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ