• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক…

মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক…

4 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

4 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

4 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

5 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

6 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

6 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

7 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

8 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

9 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক…

editor by editor
September 19, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক…
0
SHARES
24.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ ইৰা বিশ্বাসঃ নাৰীদেহত সৃষ্ট অন্যান্য ৰোগসমূহৰ দৰেই কিছু ৰোগে নাৰীৰ প্ৰজনন প্ৰক্ৰিয়াৰ লগত জড়িত অংগবিশেষ যেনে অ’ভাৰী (ডিম্বাশয়), ইউটেৰাছ (জৰায়ু) আদিক আক্ৰান্ত কৰে। এনেদৰে হোৱা ভিন্ন ৰোগৰ ফলস্বৰূপে নাৰীগৰাকীৰ দেহত বহু সমস্যাৰ সৃষ্টি কৰে। গৰ্ভধাৰণ কৰাৰ ক্ষমতাৰ পৰা আৰম্ভ কৰি মাহেকীয়া হোৱাৰ প্ৰক্ৰিয়াত খেলিমেলিৰ সৃষ্টি হোৱা আদি নানান সমস্যাই দেখা দিয়ে। এনে এবিধ সমস্যাই হৈছে পি চি অ’ ডি (পলিচিষ্টিক অভাৰীয়ান ডিজিজ) বা ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট (অপ্ৰয়োজনীয়ভাৱে সৃষ্ট কোষৰ সমষ্টি)।

এই পি চি অ’ ডি বা ডিম্বাশয়ত এনেদৰে অপ্ৰয়োজনীয় কোষৰ সৃষ্টি কিদৰে হয়? এগৰাকী প্ৰজননক্ষম নাৰীৰ ডিম্বাশয়ে কি কৰে? অৱশ্যেই প্ৰতি মাহতেই প্ৰজনন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় আৰু পূৰঠ ডিম্বাণু প্ৰস্তুত কৰে। আৰু যেতিয়া ২৮ দিন বা এমাহৰ ভিতৰত প্ৰস্তুত হোৱা এই পূৰঠ ডিম্বাণু শুক্ৰাণুৰ সৈতে মিলিত নহয় বা প্ৰজনন প্ৰক্ৰিয়া নহয় বা গৰ্ভধাৰণ নহয় তেতিয়া সেই পূৰঠ ডিম্বাণু জৰায়ুৰ পাতলীয়া তৰপসহ যোনীদ্বাৰেৰে ওলাই আহে। ইয়াকেই এগৰাকী নাৰীৰ মাহেকীয়া হোৱা বুলি কোৱা হয়। মাহেকীয়াৰ ৰক্তস্ৰাৱত ডিম্বাণুৰ লগতে কিছু তেজো মিহলি হৈ থাকে।

এতিয়া কথাটো হ’ল যে কিছুমান কাৰণত ডিম্বাশয়ে পুৰঠ ডিম্বাণু প্ৰস্তুত কৰিব নোৱাৰা হয়। অৰ্থাৎ, অপৈণত বা আংশিকভাৱে পৈণত ডিম্বাণুহে সৃষ্টি কৰিবলৈ ধৰে, তাকো বৃহৎ পৰিমাণত। এনেদৰে সৃষ্টি হোৱা ডিম্বাণুবিলাকেই অভাৰী বা ডিম্বাশয়ত চিষ্টৰ সৃষ্টি কৰে। এই চিষ্টৰ ফলত ডিম্বাশয়টি আকাৰত ডাঙৰ হৈ পৰে আৰু এনড্ৰ’জেনছ নামৰ যিবিধ হ’ৰমন পুৰুষৰ দেহত উৎপন্ন হয়, সেইবিধ হ’ৰমন নাৰীদেহত উৎপন্ন হ’বলৈ ধৰে। সমগ্ৰ বিশ্বৰ প্ৰায় ১০% নাৰীয়েই এই চিষ্টৰ সমস্যাত আক্ৰান্ত হয় আৰু এই পৰিসংখ্যা লাহে লাহে ক্ৰমবৰ্ধমান। এনে নহয় যে পি চি অ’ ডিত আক্ৰান্ত নাৰী এগৰাকীয়ে গৰ্ভধাৰণ কৰিব নোৱাৰে, তাৰ বিপৰীতে গৰ্ভধাৰণত জটিলতাৰ সৃষ্টি হয়।

লগতে পঢ়ক বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

এতিয়া আহিছো ডিম্বাশয়ৰ এই বিসংগতিৰ কাৰণৰ বিষয়ে। যদিওবা পি চি অ’ ডি ৰ আঁ‌ৰৰ প্ৰকৃত কাৰণৰ বিষয়ে স্পষ্টকৈ জনা নেযায়, তথাপি এনে কিছু কাৰক আছে- যিবোৰক পি চি অ’ ডিৰ সৃষ্টি হোৱাৰ চিকিৎসা-বিজ্ঞানসন্মত কাৰণ বুলি ধৰা হয়। যিবোৰ হ’ৰমনে আচলতে নাৰীদেহ এটিৰ প্ৰজনন বা সন্তান উৎপাদনক্ষম কৰি ৰখাত সহায় কৰে৷ যেনে ইষ্ট্ৰ’জেন, প্ৰজেষ্ট্ৰ’ৰেন আদিবোৰ হ’ৰমনৰ উৎপাদন দেহত হ্ৰাস পাবলৈ ধৰে, যাৰফলত ডিম্বাশয়ে পূৰঠ ডিম্বাণু প্ৰস্তুত কৰিবলৈ সক্ষম নহয়। নাৰীদেহত অত্যধিক মাত্ৰাত অগ্নাশয়ৰ পৰা ইনচুলিন নামৰ হ’ৰমনবিধ নিঃসৰিত হ’লে অত্যধিক মাত্ৰাত পুৰুষ হ’ৰমন (এনড্ৰ’জেনছ) উৎপন্ন হ’লে, নিম্ন মাত্ৰাত দেহত হৈ থকা প্ৰদাহৰ বাবে অনিয়মিত জীৱনশৈলী, প্ৰদূষণো পি চি অ’ ডিৰ কাৰণ হ’ব পাৰে। এই সমস্যাৰ কিছুমান লক্ষণৰ বিষয়ে তলত দিয়া হৈছে —

১. মাহেকীয়া খেলিমেলি হোৱা বা নিৰ্ধাৰিত সময়তকৈ পলমকৈ হোৱা,

২. মাহেকীয়া নোহোৱাকৈ থকা,

৩. অত্যধিক ৰক্তক্ষৰণ হোৱা,

৪. মুখ, পিঠি, পেট আৰু বুকুকে আদি কৰি, শৰীৰৰ বিভিন্ন অংশত অত্যধিক নোম গজা,

৫. মুখ, বুকু, স্তনৰ তলৰ অংশ, কটিবন্ধত ব্ৰণ ওলোৱা,

৬. ওজন বৃদ্ধি পোৱা,

৭. মূৰৰ চুলি পাতল হৈ সৰিবলৈ ধৰা,

৮. ডিঙি, স্তনৰ তলৰ অংশ আৰু কটিবন্ধৰ ছাল ক’লা পৰা ইত্যাদি।

লগতে পঢ়ক বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

উপৰোক্ত লক্ষণসমূহ আপোনাৰ দেহত দেখা দিলে অনতিপলমে এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ কাষ চাপক। প্ৰয়োজনীয় দিশবোৰ চালি-জাৰি চোৱাৰ পিছত তেওঁ‌ আপোনাক যাৱতীয় পৰীক্ষা আদি কৰিবলৈ পৰামৰ্শ দিব। সাধাৰণতে তেজৰ পৰীক্ষা আৰু আলট্ৰাচ’ন’গ্ৰাফীৰ যোগেদিয়েই পি চি অ’ ডি ধৰা পেলাব পাৰি।

এতিয়া আহিছো আন এক দিশলৈ। এই পি চি অ’ ডি হোৱাৰ ফলত আক্ৰান্ত নাৰীগৰাকীৰ দেহ আৰু মনত দেখা দিব পৰা আন আন কিছু আনুষাংগিক ৰোগগ্ৰস্ততাই দেখা দিয়ে। এনে কেইবিধমান ৰোগ হৈছে—

১. প্ৰস্ৰাৱদ্বাৰেৰে হোৱা অস্বাভাৱিক ৰক্তস্ৰাৱ,

২. সন্তানহীনতা,

৩. টাইপ-২ ডায়েবেটিছ বা মধুমেহ ৰোগ,

৪. অসময়ত হোৱা প্ৰসৱ বেদনা আৰু ফলত অপৈণতৰূপে বা পূৰ্ণাঙ্গ ৰূপ পোৱাৰ পূৰ্বেই জন্ম হোৱা শিশু,

৫. উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰ’ক আদিৰ সম্ভাৱনা বৃদ্ধি পোৱা,

৬. ডিপ্ৰেছন, এংজাইতী (মানসিক),

৭. শ্লীপ এপিনা (টোপনিৰ মাজতে হঠাতে উশাহ লোৱা বন্ধ হৈ পুনৰ নিজে আৰম্ভ হোৱাৰ বিসংগতি) ইত্যাদি।

পি চি অ’ ডি ক আচলতে এক ৰোগ বুলি ক’ব নোৱাৰি, দেহৰ বিভিন্ন ৰোগ বা সমস্যাৰ ফলত সৃষ্ট এক জটিলতাহে বুলিব লাগিব। পি চি অ’ ডি হৈছে বুলি ধৰা পৰাৰ পিছত চিকিৎসকে যাৱতীয় দৰৱ আদি প্ৰদানৰ লগতেই দেহৰ অপ্ৰয়োজনীয় ওজন হ্ৰাস কৰাৰ পৰামৰ্শও দিব। শাৰীৰিক পৰিশ্ৰম, আসন, খোজ কঢ়া, পৰিমিত আৰু সুষম আহাৰ খোৱা আদিৰ মাধ্যমেৰে দেহৰ এক সন্তুলিত মাত্ৰাত ৰখা ওজনে পি চি অ’ ডি ৰ লগতেই আনুষংগিক সমস্যাসমূহকো নিলগাই ৰাখিব পাৰে। গতিকেই এই সমস্যাক লৈ চিন্তিত হোৱাৰ কাৰণ নাই। নিৰ্দ্দিষ্ট বিভাগৰ চিকিৎসকৰ পৰামৰ্শ ল’লেই হ’ল।

লেখকঃ-  প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, এণ্ড’-লেপাৰ’স্ক’পিক ছাৰ্জন আৰু সন্তানহীনতা বা বন্ধ্যাত্ব বিশেষজ্ঞ।

(এম বি বি এছ, এম এছ (প্ৰসূতি আৰু স্ত্ৰীৰোগ), ন্যূনতম সুবিধাৰে কৰা অস্ত্ৰোপচাৰ বিষয়ক ফেল’শ্বিপ (এফ এম এছ,চেন্নাই), উৎপাদনক্ষম দৰৱ বিষয়ক ফেল’শ্বিপ (এফ আৰ এম, চেন্নাই)-গুৱাহাটী মেট্ৰ’ হস্পিটেল, ফোন- ৮১৩৫০০২১৫১

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamPCOD
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.