চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰাই নহয়, এই ঘটনাত জড়িত থকাৰ অভিযোগত ৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিগৰাকীৰ ভিতৰত এগৰাকী বিশ্ববিদ্যালয়খনৰ ছাত্ৰী আৰু তেওঁৰ ২৩ বছৰীয়া প্ৰেমিকৰ লগতে এগৰাকী ৩১ বছৰীয়া যুৱকো আছে৷
আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাৰে জড়িত থকা অভিযোগত হোষ্টেলৰ দুগৰাকী ৱাৰ্ডেনকো চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে৷ ইয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ সকলো হোষ্টেলৰ সকলো ৱাৰ্ডেনকে বদলি আৰু হোষ্টেলৰ সময়সূচীও সলনি কৰিছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই৷
লগতে পঢ়ক বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!
ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই ব্যৱস্থাসমূহ গ্ৰহণ কৰে৷ ইয়াৰ পাছতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰে৷
ইফালে ছাত্ৰী হোষ্টেলৰ এগৰাকী আৱাসীয়ে আৰু বহু ছাত্ৰীৰে গা ধুই থকা আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ অভিযোগ অনুসৰি বিশ্ববিদ্যালয়খনৰ ছোৱালী হোষ্টেলৰ অতি কমেও ৬০ গৰাকী ছাত্ৰীৰ গাই ধুই থকা ভিডিঅ’ ৰেকৰ্ডিং কৰা হৈছে৷
ইমানেই নহয় তাৰে মাজৰ কিছুমান ভিডিঅ’ ইণ্টাৰনেটত প্ৰচাৰ হোৱাৰ সময়ত ৮ গৰাকীকৈ ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। ইমান দিনে এই সমগ্ৰ ঘটনা বিশ্ববিদ্যালয়খনৰ হোষ্টেলৰ বাহিৰলৈ উলাই অহা নাছিল৷
লগতে পঢ়ক বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!
কিন্তু যোৱা শনিবাৰে নিশা এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিশ্ববিদ্যালয় চৌহদটো উত্তেজনাময় হৈ পৰিল। বিশ্ববিদ্যালয়খনৰ প্ৰায় এক হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে মাত্ৰ এটা ভিডিঅ’হে ভাইৰেল হোৱা বুলিহে প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ