৭০ দশকত ৭০ লাখত নিৰ্মাণ হৈ উপাৰ্জন কৰিছিল ৭ কোটি, তোলপাৰ লগাইছিল বক্স অফিচ
৭০ দশকত মুক্তি পোৱা এখন ছবিয়ে বক্স অফিচত তোলপাৰ লগাই দিছিল। নামী-দামী তাৰকা খচিত ছবিখন নিৰ্মাণ কৰোতে সেই দিনতে খৰচ হৈছিল ৭০ লাখ টকা। কিন্তু মুক্তিৰ পাছত ছবিখন ইমানেই সফল হয় যে, ৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।
১৯৭৮ চনত মুক্তি পোৱা সেই ছুপাৰ হিট ছবিখন হৈছে- ‘ডন’। অমিতাভ বচ্চন অভিনীত ছবিখনে ছবিগৃহত ইমানেই হিট হৈছিল যে ছবিখনৰ উপাৰ্জনে আচৰিত কৰি তুলিছিল সকলোকে। অমিতাভ বচ্চনক দ্বৈত চৰিত্ৰত দেখা গৈছিল আৰু তেওঁৰ লগতে জীনত অমন, প্ৰাণ আৰু সত্যেন্দ্ৰ কাপুৰৰ দৰে তাৰকাও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
চন্দ্ৰ বৰদে পৰিচালনা কৰা এই ছবিখনৰ কাহিনী ৰচনা কৰিছিল বিখ্যাত যুটি চেলিম-জাভেদে।
‘ডন’ ছবিখনৰ বাজেট আছিল মাত্ৰ ৭০ লাখ টকা, কিন্তু মুক্তিৰ পিছত ছবিখনে বক্স অফিচত প্ৰায় ৭ কোটি টকা উপাৰ্জন কৰে। সেই যুগ অনুসৰি এই উপাৰ্জন আচৰিত ধৰণৰ আছিল আৰু ছবিখনক ছুপাৰ হিট কৰিছিল।
এই ছবিখনত অমিতাভ বচ্চনে বিপৰীত প্ৰকৃতিৰ দুটা চৰিত্ৰত অভিনয় কৰিছিল – ডন আৰু বিজয়। তেওঁৰ একচন, সংলাপ প্ৰদান আৰু শৈলীয়ে দৰ্শকক ইমানেই আকৰ্ষণ কৰিছিল যে আজিও মানুহৰ মুখে মুখে সেই চিনেমাৰ জনপ্ৰিয় ডায়েলগ ‘ডন কো পকৰনা মুছকিল হি নেহী , না মুমকিন হে’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ