বাম্বেল, টিণ্ডাৰৰ দৰে ডেটিং এপ কেৱলমাত্ৰ নতুন প্ৰজন্মৰ তৰুণ তৰুণীৰ বাবে? মুঠেও নহয়, জীৱনৰ বিয়লীবেলাতো আপুনি সন্ধান কৰিব পাৰে সংগীৰ৷ বৃদ্ধ বয়সতো কাষত সংগীৰ প্ৰত্যাশা থাকে বহু ব্যক্তিৰেই৷ মহিলাই হওক বা পুৰুষ এই কামনা থকাটোক ভুল বুলিও আপুনি ক’ব নোৱাৰে৷ তেনে এক নজিৰ গঢ়িয়েই ব্ৰিটেইনৰ এগৰাকী ৭৯ বছৰ বয়সীয়া ব্যক্তিয়ে দিছে বিশেষ বিজ্ঞাপন৷ নাইটহুড উপাধিধাৰী এই ধনকুবেৰৰ নাম চাৰ বেঞ্জামিন শ্লেড৷
ব্ৰিটেইন এক সংবাদমাধ্যমৰ খবৰ অনুসৰি ৭৯ বছৰৰ শ্লেডে ডেটিং এপ টিণ্ডাৰত জীৱনসংগী বিচাৰি বিজ্ঞাপন দিছে৷ তেওঁৰ বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ আছে যে তেওঁৰ সংগী প্ৰজননত দক্ষ হ’ব লাগিব৷ বেঞ্জামিনে এনে এগৰাকী তৰুণীৰ সৈতে এক পুত্ৰ সন্তানৰ জন্ম দিব খোজে৷ সেই সন্তানকেই তেওঁ নিজৰ বিশাল সম্পত্তি দি যাব৷ উল্লেখ্য যে এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও পত্নী বিচাৰি বিশেষ বিজ্ঞাপন দিছিল বেঞ্জামিনে৷ তেতিয়াও জনাইছিল যে তেওঁৰ দুই পুত্ৰসন্তানৰ জন্ম দিব খোজে৷
ছাৰ বেঞ্জামিন শ্লেডৰ জন্ম ১৯৪৬ চনত৷ ইয়াৰ পূৰ্বে তেওঁৰ বিবাহ হলেও কোনো সন্তান জন্ম হোৱা নাই৷ সেইবাবেই তেওঁ নতুনকৈ আকৌ বিবাহ কৰোৱাৰ কথা ভাৱিছে৷ সম্প্ৰতি এটা টিভি চেনেলত এই বিষয়ে তেওঁ মুখো খুলিছে৷ বেঞ্জামিনে কয়, ‘মই জানো সন্তান জন্ম দিয়াবলৈ মোৰ এতিয়া বয়স বহু বাঢ়িছে৷ কিন্তু মই আগতীয়াকৈয়ে মোৰ শুক্ৰাণু এটা স্পাৰ্মবেংকত জমা দি থৈছো৷ প্ৰয়োজন হলে সেই শুক্ৰাণু ব্যৱহাৰ কৰিব পৰা যাব৷’
কিছুদিন পূৰ্বে বেঞ্জামিনৰ এগৰাকী কৰ্মচাৰীয়ে তেওঁক ডেটিং এপ টিণ্ডাৰৰ কথা জনায়৷ বিষয়টি সম্পৰ্কে জনা মাত্ৰই আগ্ৰহী হৈ উঠে ধনকুবেৰ৷ লগে লগেই তেওঁ এটা একাউণ্টো খোলে৷ তাতেই তেওঁ নিজৰ বয়স সম্পৰ্কে মিছা তথ্য দি পাত্ৰী বিচাৰিছে৷ প্ৰাথমিকভাৱে তেওঁ নিজৰ বয়স লিখিছে ৫৬ বছৰ আৰু তেওঁ ৪০ বছৰৰ ভিতৰত তৰুণী বিচাৰিছে৷ বহুকেইগৰাকী পাত্ৰী অহাত শেহতীয়াকৈ তেওঁৰ পছন্দ হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিক, কবি আৰু গীতিকাৰ ছাহাৰা ছানডে স্পেনক৷ ছাহাৰা তেওঁতকৈ প্ৰায় ৪৬ বছৰ সৰু৷ ছাহাৰা যেতিয়া অন্তঃসত্বা হ’ব তেতিয়াহে দুয়োৱে সামাজিক বিবাহ কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে বেঞ্জামিনে৷ কথামতেই সকলোবোৰ আগবাঢ়িল৷ বেঞ্জামিনৰ সন্তানো ছাহাৰাৰ গৰ্ভলৈ আহিল৷ কিন্তু গৰ্ভাৱস্থাত কৰা পৰীক্ষাত গম পোৱা যায় যে তেওঁৰ সন্তানটো লৰা নহয় ছোৱালীয়ে৷ শেষত সেই বিবাহো ভাঙি দিয়ে বেঞ্জামিনে৷
নিজৰ উত্তৰসূয়ী বিচাৰি হাবাথুৰি খোৱা বেঞ্জামিনে পুত্ৰসন্তানৰ বাবে এতিয়া কোনোএগৰাকী প্ৰজননক্ষম মহিলাৰ সন্ধান কৰিছে৷ কিন্তু ছাহাৰাৰ সৈতে ঘটা ঘটনাৰ পাছতেই দুৰ্ভাগ্যৰ ছায়া নামি আহিছে বেঞ্জামিনৰ জীৱনত৷ ভৱিষ্যৎ অনিশ্চিত হৈ পৰাৰ পাছতেই তেওঁৰ বিশাল সম্পত্তিক লৈ চিন্তাতো পৰিছে৷ শুনা গৈছে এখন ডাঙৰ হোটেলে তেওঁৰ সম্পত্তি অধিগ্ৰহণ কৰিব খুজিছে বুলিও খবৰ ভাইৰেল হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















