সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে
জ্যোতিষ শাস্ত্ৰৰ মতে তথা চলি অহা মান্যতা অনুসৰি সুৰ্যগ্ৰহণৰ সময়ত কোনো ধৰণৰ শুভ কাৰ্য কৰা নহয়। কোনো শুভ কাৰ্যৰ আৰম্ভণিয়ো কৰা নহয়। । পাছে সেই সময়তে আহিছে এক এনে খবৰ শুভ কাৰ্য কৰিব নাপায় বোলাৰ বিপৰীতে ৮০০ লোকে পাতিলে বিয়া।
কালিৰ ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ সময়তে ৮০০ লোকে বিয়া পাতি চিৰ জীৱনৰ বাবে এক হৈ পৰে। পাছে এয়া ভাৰতৰ নহয়। অন্ধ বিশ্বাস কৰা ভাৰতৰ পৰা বহু দূৰৰ আমেৰিকাত হে এইদৰে কেইবা শতাধিক লোকে বিয়া পাতি ইজনে সিজনৰ হৈ পৰে।
সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতি তেওঁলোকে এই বিৰল মহাজাগতিক ঘটনাৰ লগতে নিজৰ জীৱনটোৰো এই ঘটনা স্মৰণীয় কৰি ৰাখে। চন্দ্ৰ-সূৰ্য-তৰা সকলোকে একেলগে সাক্ষি ৰাখি যুগ্ম জীৱনৰ পাতনি মেলে।
আমেৰিকাৰ মাত্ৰ ১৪৫ কিলেমিটাৰৰ ভিতৰতে কৰা সমীক্ষাতেই এই সংখ্যা পোৱা গৈছে। লগতে প্ৰায় অধিকাংশ দৰা-কইনাইয়ে তেঁওলোকৰ বিয়াত যি কেক অৰ্ডাৰ দিয়ে তাত সূৰ্যগ্ৰহণৰে ফটো সন্নিবিষ্ট থাকে।
উল্লেখ্য যে, আমেৰিকাত এইদৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ দৃশ্য চাবলৈ বিভিন্ন ঠাইৰ পৰা প্ৰায় ৫০ লাখ লোক সমবেত হৈছিল। কিয়নো এই সম্পূৰ্ণ সুৰ্য গ্ৰহণ এইবাৰৰ পাছত আকৌ ২১ বছৰৰ মূৰকত ২০৪৫ চনত দেখা পোৱা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ