বৰ্তমান লোকজনৰ বয়স ৮৭ বছৰ৷ এতিয়া তেওঁ জীৱনৰ বিয়লি বেলাত উপস্থিত হৈছে৷ ৮৭ বছৰীয়া এই লোকজনে জীৱনৰ ২৯ টা বছৰে গভীৰ অৰণ্যৰ মাজত কটালে৷ কোন তেওঁ আৰু কিয় এইদৰে জীৱন কটালে? জানিব পাৰি আপুনি হয়তো হ’ব অতি আচৰিত৷
লোকজনৰ নাম মাছাফুমী নাগাছাকি৷ তেওঁ জাপানৰ৷ ‘নাগা সাধু’ নামেৰে জনপ্ৰিয় ৮৭ বছৰীয়া জাপানী মাছাফুমি নাগাছাকি প্ৰায় তিনিটা দশক এটা দ্বীপৰ গভীৰ অৰণ্যতে কটালে। তেওঁ প্ৰায় তিনিটা দশক অকলে এটা গ্রীষ্মমণ্ডলীয় দ্বীপত কটায়৷
১৯৮৯ চনত তেওঁ বিবাহিত ‘নাগা সাধু’ৱে পত্নী আৰু দুটা সন্তানক এৰি অকলে মূল ভূখণ্ড জাপানৰ পৰা শ শ কিলোমিটাৰ দক্ষিণে থকা এক কিলোমিটাৰ বহল দ্বীপ ছ’টোবানাৰিলৈ গুচি যায়।
লগতে পঢ়ক কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা
এই দ্বীপটো অতি সেউজীয়া আৰু ঘন অৰণ্যৰে ভৰা৷ তাত কোনো মানুহৰে বাসতি নাছিল। দ্বীপটোৰ একমাত্ৰ বাসিন্দাই হৈছে এই নাগাছাকি। ঘৰলৈ উভতি নাহি এদিন দুদিন কৰি নাগাছাকিয়ে দ্বীপটোৰ গভীৰ ঘন অৰণ্যত জীৱনৰ ২৯ টা বছৰ অকলে কটাই দিয়ে।
বছৰটো আছিল ২০১৮ চন, যেতিয়া স্থানীয় এজন মাছমৰীয়াই সাগৰৰ পাৰত অচেতন হৈ পৰি থকা দেখি তেওঁক দ্বীপটোৰ পৰা লৈ অনা হৈছিল। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি চিকিৎসালয়ত চিকিৎসাৰ প্ৰয়োজন বুলি কোৱাৰ পিছতে নাগাছাকিক লৈ যোৱা হয়। ইয়াৰ পিছতহে নাগাছাকিৰ ৰোমাঞ্চকৰ জীৱনৰ বিষয়ে পৃথিৱীয়ে জানিব পাৰিছিল৷
ইয়াৰ পিছতে ইছিগাকি চহৰত চাৰি বছৰ বাস কৰি ১৬ জুনত নাগাছাকিয়ে পুনৰ পূৰ্বৰ ঘৰলৈ গুচি যায়। বিশেষকৈ এতিয়া নাগাছাকি স্বাস্থ্যৰ যতন লোৱাটো অতীৱ প্ৰয়োজন হৈ পৰিছে আৰু পৰিয়ালৰ লোকে তেওঁক লাভ কৰাৰ পিছত তেওঁৰ স্বাস্থ্যৰ যতন লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ