যোৱা ২৭ জুন তাৰিখে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ চলিত বৰ্ষৰ পৰীক্ষাৰ কলা শাখাত দুগৰাকী শিক্ষাৰ্থীয়ে অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷
মুঠ ৪৮৭ নম্বৰেৰে কলা শাখাত প্ৰথম স্থান লাভ কৰা পৰীক্ষাৰ্থীকেইগৰাকী হৈছে ক্ৰমে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপৰ ছাত্ৰী সাধনা দেৱী আৰু তিনিচুকীয়াৰ অ’মেনছ কলেজৰ ছাত্ৰী চেৰী গোহাঁই৷ ইয়াৰে চেৰী গোহাঁইয়ে এখন চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি অসমৰ ভিতৰতে যৌথভাৱে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷
কিন্তু ফলাফল উলোৱাৰ পিছতে সংবাদ আৰু সামাজিক মাধ্যমত অতি দৃষ্টিকটুভাৱে তিনিচুকীয়া অ’মেনছ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা চেৰী গোহাঁইক উপেক্ষা কৰা দেখা গৈছে৷
লগতে পঢ়ক সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ
ফলাফল ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমে বিজ্ঞান শাখাত প্ৰথম স্থান প্ৰাপ্ত মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা আৰু কলা শাখাত যৌথভাৱে স্থান লাভ কৰা সাধনা দেৱীৰ লগতে ব্যস্ত হৈ থকা গৈছে৷
বিশেষকৈ প্ৰতিভাধৰ প্ৰখৰ সামাজিক চেতনালবব্ধ ধৃতিৰাজ বাস্তৱ কলিতাৰ ঘৰত অসমৰ সংবাদ মাধ্যমে উবুৰি খাই পৰা দেখা পোৱাৰ লগতে সামাজিক মাধ্যমতো ছাত্ৰগৰাকীক প্ৰশংসাৰে উপচাই পেলোৱা হৈছে৷ নিঃসন্দেহে এইটো অতি ধনাত্মক কথা৷
ইফালে ছাত্ৰী সাধনা দেৱীকো সংবাদ মাধ্যমে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে৷ ধৃতিৰাজৰ বিপৰীতে সাধনা কলিতাক অহংকাৰী বুলি সামাজিক মাধ্যমত অতি নেতিবাচকভাৱে ক্ষতিকৰ আক্ৰমণ কৰাহে দেখা গৈছে৷
লগতে পঢ়ক কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা
কিন্তু তাৰ মাজতে উজনিৰ মেধাৱী, প্ৰতিভাৱান, বিনয়ী ছাত্ৰী চেৰী গোহাঁইক যেন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমে বোকাত থাপি থুপি তথা পুতিহে থ’লে৷ কোনো এটা বৈদ্যুতিন অথবা ডিজিটেল সংবাদ সংস্থাই যৌথভাৱে প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইৰ সাক্ষাৎকাৰ বা মত বিনিময় আছুতীয়াকৈ প্ৰচাৰ কৰা দেখা নগ’ল৷ আনকি নেটনাগৰিকৰ মাজতো চেৰী গোহাঁইৰ বিষয়ে কোনধৰণৰ চৰ্চা লাভ কৰা দেখা নগ’ল৷ সংবাদ আৰু সামাজিক মাধম্যৰ এই উদাসীনতাক এতিয়া বহুলোকে সহজে ল’ব পৰা নাই৷ নেটনাগৰিকে ইয়াক এক বৈষম্যমূলক আচৰণ হিচাপেই অভিহিত কৰিব খুজিছে৷
ইয়াৰ মাজতে ২৯ জুনত দুগৰাকী নেটনাগৰিকে চেৰী গোহাঁইৰ প্ৰতি সংবাদ আৰু সামাজিক মাধ্যমে বৈষম্যমূলক আচৰণ কৰা বুলি মুকলিকৈ ব্যক্ত কৰিছিল৷ প্ৰথমগৰাকীয়ে খুহুতীয়াভাৱে সংবাদ মাধ্যম আৰু নেটনাগৰিকক কটাক্ষ কৰি পুৱা ভাগত লিখিছিল, ‘‘উজনিৰ চেৰী গোহাঁইয়েও কলা শাখাত প্ৰথম স্থান লাভ কৰিছিল৷ কথাটো মিডিয়া আৰু ফেচবুকাৰুসকলক এনেই মনত পেলাই দিলো আৰু৷’’
ইয়াৰ পিছত ডুমডুমাৰ মুকুল মেধি নামৰ যুৱকজনে সংবাদ মাধ্যমৰ উপেক্ষাক বৈষম্যমূলক আচৰণ বুলি অভিহিত কৰি নিজৰ ক্ষোভ উজাৰিছে৷ যুৱকজনে লিখিছে, ‘‘চিনি পাইছেই চাগে সকলোৱে, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত ২০২২ বৰ্ষৰ অসমৰ ভিতৰতে প্ৰথম স্থান প্ৰাপ্ত চেৰী গোহাঁই। কিন্তু এটা কথাই মনটোক বৰকৈ আমনি দি থকা বাবেহে লিখিব ললো৷’’
লগতে পঢ়ক শিশু আৰু কিশোৰীক যৌন নিৰ্যাতন! ২০ বছৰৰ কাৰাদণ্ড লাভ ৬০ বৰ্ষীয় মহিলাৰ
তেওঁ নিজৰ ক্ষোভসমূহক প্ৰশ্ন আকাৰ দি আৰু লিখিছে, ‘‘চেৰী গোহাঁইক যেন অসমৰ সংবাদ জগতে নিলগাই ৰাখিব বিচাৰিছে, তেনে যেন অনুভৱ হৈছে। সংবাদ মাধ্যমসমূহলৈ এই অনুভৱসমূহ সামৰি কেইটামান কিয় এৰিছো?
* তাই এখন চৰকাৰী মহা বিদ্যালয়ৰ পৰা প্ৰথম স্থান পোৱাৰ বাবেই নেকি?
* নে তাই উজনি অসমৰ হোৱাৰ বাবে যত চাগে আপোনালোকৰ কাৰ্যালয়সমূহ নাই?
* নে আপোনালোকৰ ধনাত্মক বাতৰি কৰিব জনা উজনি অসমত সাংবাদিকৰ অভাৱ?
* নে অকল ভিদিঅ প্ৰেৰণ কৰা ভালকৈ নিজৰ ৰাজ্যিক ভাষাটোকে ক’ব,পঢ়িব নজনা, হাতত বুম লৈ ফুৰি নিজকে সাংবাদিক বুলি পৰিচয় দি ফুৰা এচামেই আপোনাকে ভৰ্তি কৰি ৰাখিছে, যিয়ে সৈতু বাতৰিটো উপস্থাপন কৰিবই নাজানিলে?
* নে চৰকাৰী স্কুলৰ সফলতাৰ বাতৰিয়ে আপোনালোকৰ তথাকথিত TRP অনাত অসুবিধা সৃষ্টি কৰে? (প্ৰশ্ন খিনি যদিও মোৰ, উত্তৰ কিন্তু সকলো ৰাইজেই বিচাৰিছে।)’’
যুৱকজনে ফেচবুকত এইদৰে ক্ষোভ ব্যক্ত কৰাৰ পিছতে নেটনাগৰিকে ব্যাপক সঁহাৰি দিয়া দেখা গৈছে৷ তেওঁৰ পোষ্টটোত প্ৰায় ৯ হাজাৰ লোকে ৰিয়েক্ট কৰাৰ লগতে ২৪ শ লোকে শ্বেয়াৰ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ