• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?

কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?

4 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

4 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

4 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

5 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

6 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

6 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

7 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

8 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

9 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

9 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

10 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

11 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?

কলা শাখাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক উপেক্ষা কিয় সংবাদ আৰু সামাজিক মাধ্যমৰ? 

editor by editor
June 30, 2022 - Updated on July 2, 2022
in অসম, শিক্ষা
0
কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?
0
SHARES
48.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা ২৭ জুন তাৰিখে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ চলিত বৰ্ষৰ পৰীক্ষাৰ কলা শাখাত দুগৰাকী শিক্ষাৰ্থীয়ে অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷

মুঠ ৪৮৭ নম্বৰেৰে কলা শাখাত প্ৰথম স্থান লাভ কৰা পৰীক্ষাৰ্থীকেইগৰাকী হৈছে ক্ৰমে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপৰ ছাত্ৰী সাধনা দেৱী আৰু তিনিচুকীয়াৰ অ’মেনছ কলেজৰ ছাত্ৰী চেৰী গোহাঁই৷ ইয়াৰে চেৰী গোহাঁইয়ে এখন চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি অসমৰ ভিতৰতে যৌথভাৱে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷

কিন্তু ফলাফল উলোৱাৰ পিছতে সংবাদ আৰু সামাজিক মাধ্যমত অতি দৃষ্টিকটুভাৱে তিনিচুকীয়া অ’মেনছ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা চেৰী গোহাঁইক উপেক্ষা কৰা দেখা গৈছে৷

লগতে পঢ়ক সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ

ফলাফল ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমে বিজ্ঞান শাখাত প্ৰথম স্থান প্ৰাপ্ত মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা আৰু কলা শাখাত যৌথভাৱে স্থান লাভ কৰা সাধনা দেৱীৰ লগতে ব্যস্ত হৈ থকা গৈছে৷

বিশেষকৈ প্ৰতিভাধৰ প্ৰখৰ সামাজিক চেতনালবব্ধ ধৃতিৰাজ বাস্তৱ কলিতাৰ ঘৰত অসমৰ সংবাদ মাধ্যমে উবুৰি খাই পৰা দেখা পোৱাৰ লগতে সামাজিক মাধ্যমতো ছাত্ৰগৰাকীক প্ৰশংসাৰে উপচাই পেলোৱা হৈছে৷ নিঃসন্দেহে এইটো অতি ধনাত্মক কথা৷

ইফালে ছাত্ৰী সাধনা দেৱীকো সংবাদ মাধ্যমে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে৷ ধৃতিৰাজৰ বিপৰীতে সাধনা কলিতাক অহংকাৰী বুলি সামাজিক মাধ্যমত অতি নেতিবাচকভাৱে ক্ষতিকৰ আক্ৰমণ কৰাহে দেখা গৈছে৷

লগতে পঢ়ক কেঞ্চাৰৰ নামত ৪৩ লাখ টকা সংগ্ৰহ! বিদেশত প্ৰমোদ বিলাস কৰি গ্ৰেপ্তাৰ মহিলা

কিন্তু তাৰ মাজতে উজনিৰ মেধাৱী, প্ৰতিভাৱান, বিনয়ী ছাত্ৰী চেৰী গোহাঁইক যেন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমে বোকাত থাপি থুপি তথা পুতিহে থ’লে৷ কোনো এটা বৈদ্যুতিন অথবা ডিজিটেল সংবাদ সংস্থাই যৌথভাৱে প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইৰ সাক্ষাৎকাৰ বা মত বিনিময় আছুতীয়াকৈ প্ৰচাৰ কৰা দেখা নগ’ল৷ আনকি নেটনাগৰিকৰ মাজতো চেৰী গোহাঁইৰ বিষয়ে কোনধৰণৰ চৰ্চা লাভ কৰা দেখা নগ’ল৷ সংবাদ আৰু সামাজিক মাধম্যৰ এই উদাসীনতাক এতিয়া বহুলোকে সহজে ল’ব পৰা নাই৷ নেটনাগৰিকে ইয়াক এক বৈষম্যমূলক আচৰণ হিচাপেই অভিহিত কৰিব খুজিছে৷

ইয়াৰ মাজতে ২৯ জুনত দুগৰাকী নেটনাগৰিকে চেৰী গোহাঁইৰ প্ৰতি সংবাদ আৰু সামাজিক মাধ্যমে বৈষম্যমূলক আচৰণ কৰা বুলি মুকলিকৈ ব্যক্ত কৰিছিল৷ প্ৰথমগৰাকীয়ে খুহুতীয়াভাৱে সংবাদ মাধ্যম আৰু নেটনাগৰিকক কটাক্ষ কৰি পুৱা ভাগত লিখিছিল, ‘‘উজনিৰ চেৰী গোহাঁইয়েও কলা শাখাত প্ৰথম স্থান লাভ কৰিছিল৷ কথাটো মিডিয়া আৰু ফেচবুকাৰুসকলক এনেই মনত পেলাই দিলো আৰু৷’’

ইয়াৰ পিছত ডুমডুমাৰ মুকুল মেধি নামৰ যুৱকজনে সংবাদ মাধ্যমৰ উপেক্ষাক বৈষম্যমূলক আচৰণ বুলি অভিহিত কৰি নিজৰ ক্ষোভ উজাৰিছে৷ যুৱকজনে লিখিছে, ‘‘চিনি পাইছেই চাগে সকলোৱে, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত ২০২২ বৰ্ষৰ অসমৰ ভিতৰতে প্ৰথম স্থান প্ৰাপ্ত চেৰী গোহাঁই। কিন্তু এটা কথাই মনটোক বৰকৈ আমনি দি থকা বাবেহে লিখিব ললো৷’’

লগতে পঢ়ক শিশু আৰু কিশোৰীক যৌন নিৰ্যাতন! ২০ বছৰৰ কাৰাদণ্ড লাভ ৬০ বৰ্ষীয় মহিলাৰ

তেওঁ নিজৰ ক্ষোভসমূহক প্ৰশ্ন আকাৰ দি আৰু লিখিছে, ‘‘চেৰী গোহাঁইক যেন অসমৰ সংবাদ জগতে নিলগাই ৰাখিব বিচাৰিছে, তেনে যেন অনুভৱ হৈছে। সংবাদ মাধ্যমসমূহলৈ এই অনুভৱসমূহ সামৰি কেইটামান কিয় এৰিছো?

* তাই এখন চৰকাৰী মহা বিদ্যালয়ৰ পৰা প্ৰথম স্থান পোৱাৰ বাবেই নেকি?

* নে তাই উজনি অসমৰ হোৱাৰ বাবে যত চাগে আপোনালোকৰ কাৰ্যালয়সমূহ নাই?

* নে আপোনালোকৰ ধনাত্মক বাতৰি কৰিব জনা উজনি অসমত সাংবাদিকৰ অভাৱ?

* নে অকল ভিদিঅ প্ৰেৰণ কৰা ভালকৈ নিজৰ ৰাজ্যিক ভাষাটোকে ক’ব,পঢ়িব নজনা, হাতত বুম লৈ ফুৰি নিজকে সাংবাদিক বুলি পৰিচয় দি ফুৰা এচামেই আপোনাকে ভৰ্তি কৰি ৰাখিছে, যিয়ে সৈতু বাতৰিটো উপস্থাপন কৰিবই নাজানিলে?

* নে চৰকাৰী স্কুলৰ সফলতাৰ বাতৰিয়ে আপোনালোকৰ তথাকথিত TRP অনাত অসুবিধা সৃষ্টি কৰে? (প্ৰশ্ন খিনি যদিও মোৰ, উত্তৰ কিন্তু সকলো ৰাইজেই বিচাৰিছে।)’’

যুৱকজনে ফেচবুকত এইদৰে ক্ষোভ ব্যক্ত কৰাৰ পিছতে নেটনাগৰিকে ব্যাপক সঁহাৰি দিয়া দেখা গৈছে৷ তেওঁৰ পোষ্টটোত প্ৰায় ৯ হাজাৰ লোকে ৰিয়েক্ট কৰাৰ লগতে ২৪ শ লোকে শ্বেয়াৰ কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCherry Gohainhs result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?
অসম

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

September 1, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
Next Post
‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

বিধায়কসকলৰ মুখত বিৰিঙিব হাঁহি! ৬৬% দৰমহা বৃদ্ধি পাব বিধায়কৰ

বিধায়কসকলৰ মুখত বিৰিঙিব হাঁহি! ৬৬% দৰমহা বৃদ্ধি পাব বিধায়কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.