ওঁঠত হাঁহি বিৰিঙিব ৰাজ্যৰ বিধায়কসকলৰ৷ অতি শীঘ্ৰেই এখন ৰাজ্যৰ বিধায়কসকলৰ দৰমহা বৃদ্ধি পাব৷
দৰমহা বৃদ্ধি পাবলগীয়া বিধায়কসকল হৈছে দিল্লীৰ৷ দিল্লীৰ বিধায়কৰ দৰমহা ৬৬ শতাংশ বৃদ্ধি কৰা হ’ব। ইতিমধ্যে বিধায়কৰ দৰমহা বৃদ্ধিৰ বিধেয়কখনত অনুমোদন জনাইছে লেফটেনেণ্ট গৱৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাই।
উল্লেখ্য যে দিল্লীৰ বিধায়কসকলে দেশৰ ভিতৰতে আটাইতকৈ কম দৰমহা লাভ কৰে বুলি কোৱা হয়। ইফালে দিল্লী চৰকাৰে সোমবাৰৰ পৰা দিল্লী বিধানসভাৰ দুদিনীয়া অধিৱেশন আহ্বান কৰিছে৷ উক্ত অধিৱেশনতে দিল্লীৰ বিধায়কসকলৰ দৰমহা আৰু ভাট্টাত সংশোধনী সন্দৰ্ভত এখন বিধেয়ক উত্থাপন কৰা হ’ব। এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে দিল্লী বিধায়কসকলৰ প্ৰায় সাত বছৰ ধৰি বাকী থকা মজুৰি বৃদ্ধিৰ পথ মুকলি হ’ব।
লগতে পঢ়ক কলাত প্ৰথম স্থানপ্ৰাপ্ত চেৰী গোহাঁইক চূড়ান্ত উপেক্ষা! সংবাদ মাধ্যমৰ বৈষম্যমূলক আচৰণ কিয়?
দিল্লী বিধানসভাৰ এজন বিষয়াই জনোৱা মতে, যদিহে এই বিধেয়কখন গৃহীত হয় তেন্তে বিধায়কসকলক বৰ্তমানৰ ৫৪ হাজাৰৰ পৰিৱর্তে প্রতিমাহে ৯০ হাজাৰ টকা প্রদান কৰা হ’ব৷ মে’ মাহৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মজুৰি বৃদ্ধি বিধেয়কত স্বাক্ষৰ কৰি সংশোধনীৰ পথ প্ৰশস্ত কৰিছিল।
অন্য এজন বিষয়াই জনোৱা মতে, শেহতীয়াকৈ এল জিয়ে বিধায়কৰ দৰমহা আৰু ভাট্টা বৰ্তমানৰ ৫৪ হাজাৰৰ পৰা প্ৰতি মাহে ৯০ হাজাৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মজুৰি আৰু ভাট্টা বৃদ্ধিৰ বিধেয়কখন আগন্তুক বিধানসভা অধিবেশনত উত্থাপন কৰি গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
প্ৰস্তাৱ অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী, অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য হুইপ আৰু বিৰোধীৰ নেতাই বৰ্তমান প্ৰতিমাহে মাত্ৰ ৭২ হাজাৰ টকা দৰমহা লাভ কৰে৷ দৰমহা বৃদ্ধি পোৱাৰ পিছত তেওঁলোকৰ দৰমহা ১ লাখ ৭০ হাজাৰলৈ বৃদ্ধি পাব। বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ পাছত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ সন্মতিৰ বাবে প্ৰেৰণ কৰা হ’ব।
লগতে পঢ়ক ৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?
‘‘বিধানসভা সচিবালয়ে গৃহীত কৰা বিধেয়কখন দিল্লী চৰকাৰে আইন, ন্যায় আৰু বিধান পৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰিব৷ ইয়াৰ পিছতে লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব য’ৰ পৰা গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব।’’ বিধানসভাৰ আন এজন বিষয়াই কয়।
২০১৫ চনৰ ডিচেম্বৰ মাহত দিল্লী চৰকাৰে বিধায়কৰ দৰমহা আৰু ভাট্টা মাহে ২.১০ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল যদিও গৃহ মন্ত্ৰণালয়ে এই প্ৰস্তাৱত একম হোৱা নাছিল। ২০২১ চনৰ আগষ্ট মাহত এম এইচ এয়ে দিল্লীৰ বিধায়কৰ দৰমহা আৰু ভাট্টা প্ৰতিমাহে ৯০ হাজাৰলৈ বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ