গণতন্ত্ৰ দিৱসৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা পদ্ম পুৰস্কাৰ প্ৰাপকৰ নাম ঘোষণা কৰা হৈছে৷ আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ ট্ৰেণ্ড বজাই ৰাখি এইবাৰো পদ্মশ্ৰী পুৰস্কাৰ প্ৰাপকসকলৰ ভিতৰত এনে এজন ব্যক্তি আছে যিয়ে অচিন নায়ক লৈ দেশৰ সেৱা কৰি আছে৷ তেওঁ হৈছে অন্যতম প্ৰাক্তন আই পি এছ অফিচাৰ ইন্দ্ৰজিৎ সিং সিধু৷ অৱসৰ গ্ৰহণৰ পাছত তেওঁ সমাজসেৱাত যুক্ত হয়৷ পুৱাই ঝাড়ু লৈ চৌপাশৰ এলেকা পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁ৷ য’তেই আৱৰ্জনা দেখে তাতেই ঝাড়ু লৈ নিজৰ ঠেলাৰে আৱৰ্জনাবোৰ আঁতৰাই আনে৷
৮৮ বছৰীয়া ইন্দ্ৰজিৎ সিং সিধু ৪৫গৰাকী অখ্যাত নায়কৰ মাজত এজন৷ তেওঁ এইবাৰ পদ্ম পুৰস্কাৰ লাভ কৰিছে৷ ১৯৯৬ চনত পঞ্জাৱ পুলিছ চাৰ্ভিছৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছে৷ তিনি দশক পাৰ হৈ গলেও সেৱাৰ মনোভাৱ আজিও আছে তেওঁৰ৷ চণ্ডীগড় চেক্টৰ ৪৯ত তেওঁৰ ঘৰ৷ তেওঁ পুৱা ৬বজাত উঠি কাম আৰম্ভ কৰি দিয়ে৷
তেওঁ আই এ এছ-আই পি এছ অফিচাৰ কো অপাৰেটিভ চছাইটিত বাস কৰে৷ তেওঁৰ ঘৰৰ আশে পাশে থকা এলেকাৰ লেতেৰা সন্দৰ্ভত কেইবাবাৰো অভিযোগ কৰিছিল৷ কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ইয়াৰপাছতেই তেওঁ নিজেই পৰিষ্কাৰ কৰাৰ দায়িত্ব হাতত লয়৷
১৯৬৮ বেচৰ অৱসৰপ্ৰাপ্ত আই পি এছ অফিচাৰে যেতিয়া প্ৰাথমিকভাৱে তেওঁৰ পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ হাতত এখন পুৰণি ৰিক্সা আৰু এটা বেগ আছিল৷ পূৰ্বে বহু মানুহে তেওঁৰ এই কাৰ্যকলাপক ঠাট্টা মস্কৰাও কৰিছিল৷ সিধুৱে কৈছিল চণ্ডীগড় চহৰ স্বচ্ছ ভাৰত সমীক্ষাৰ শীৰ্ষত থকা উচিত৷
বহু বিদেশিও ইয়ালৈ আহে৷ এই পৰিস্থিতিত আমি দেশৰ ভাৱমূৰ্তিত কোনো প্ৰশ্নবোধক অহাটো নিবিচাৰো৷ বিগত বছৰ তেওঁৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলো হৈছিল৷ মানুহে তেওঁক প্রশংসাও কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















