অষ্টম বেতন কমিছনৰ বিষয়ে ইতিমধ্যেই ঘোষণা কৰিছে চৰকাৰে৷ ১ জানুৱাৰী ২০২৬ ৰ পৰা এই কমিছন কাৰ্যকৰী হোৱাৰ কথা৷ এই গঠনৰ সঠিক সময়সীমা এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও বহুতেই অনুমান কৰিছে যে কিমান মাহৰ ভিতৰত এই কমিটিৰ গঠন হ’ব৷ অষ্টম বেতন কমিছন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ১৭ জানুৱাৰী ২০২৫ চনত প্ৰকাশ কৰা হৈছিল৷
সপ্তম বেতন কমিছন
২৫ ছেপ্টেম্বৰ ২০১৩ত ঘোষণা কৰা হৈছিল আৰু ২৪ ফেব্ৰুৱাৰী ২০১৪ চনত আনুষ্ঠানিকভাৱে গঠিত হয়৷ অৰ্থাৎ ঘোষণাৰ পৰা ৫মাহৰ ব্যৱধানত এয়া কাৰ্যকৰী হৈছিল৷
ষষ্ঠ বেতন কমিছন
জুলাই ২০০৬ চনত ঘোষণা কৰা হৈছিল আৰু ২০০৬ চনৰ অক্টোবৰত গঠিত হৈছিল৷ অৰ্থাৎ ইয়াৰ বাবে মাজত সময় লাগিছিল মাত্ৰ ৩ মাহ৷
পঞ্চম বেতন কমিছন
এপ্ৰিল ১৯৯৪ চনত অনুমোদিত আৰু আনুষ্ঠানিকভাৱে জুন ১৯৯৪ চনত গঠিত হৈছিল৷ আৰু ২মাহৰ পাছতেই এয়া কাৰ্যকৰীও হৈছিল৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ঘোষণাৰ এইমাহ মানৰ ভিতৰতেই এই কমিটি গঠন হয়৷ ইয়াৰ বাবে নিৰ্দিষ্ট কোনো সময়সীমা অৱশ্যে নাই৷ ২০২৫ চনৰ মাৰ্চৰ পৰা জুলাইৰ মাজত অষ্টম বেতন কমিছন গঠন হ’ব পাৰে৷
ফিটমেণ্ট ফেক্টৰ কিমান বাঢ়িব পাৰে?
ফিটমেণ্ট ফেক্টৰে দৰমহা বৃদ্ধি নিৰ্ধাৰণ কৰে৷ সপ্তম দৰমহা কমিছনত এই ফেক্টৰটো আছিল ২.৫৭, যি কাৰণে লেভেল-১ত কৰ্মচাৰীসকলৰ মূল বেতন ৭০০০ টকাৰ পৰা ১৮০০০ লৈ বাঢ়িছে৷ একেই সময়তে মহাৰ্ঘ ভাট্টা, ঘৰ ভাড়াৰ ভাট্টা আৰু পৰিবহণ ভাট্টা যোগ কৰাৰ পাছত মুঠ দৰমহা হৈছিল ৩৬,০২০ টকা৷ কিন্তু যদি ৮ম দৰমহা কমিছনত ফিটমেণ্ট ফেক্টৰ বাঢ়ি ২.৮৬ হয় তেন্তে ১৮০০০ টকাৰ পৰা দৰমহা বাঢ়ি হ’বগৈ ৫১,৪৮০ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















